শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অভিষেক বচ্চনৰ সৈতে বিবাহ বিচ্ছেদ সন্দৰ্ভত মুখ খুলিলে ঐশ্বৰ্যই!

অভিষেক বচ্চনৰ সৈতে বিবাহ বিচ্ছেদ সন্দৰ্ভত মুখ খুলিলে ঐশ্বৰ্যই!

Barasha Misra
Barasha Misra | Published: 07 Dec 2025 20:21 PM

এই উত্তৰেৰে ঐশ্বৰ্যই অভিষেকৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও সকলোকে বুজাই দিয়ে। ইয়াৰ পূৰ্বে  অভিষেক বচ্চনৰ পৰিয়ালে স্পষ্ট কৰি দিছিল যে বিবাহ বিচ্ছেদৰ খবৰটো সম্পূৰ্ণ মিছা।

শেহতীয়াকৈ হলিউড ৰিপ’ৰ্টাৰ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঐশ্বৰ্যক সোধা হৈছিল, ছবিৰ অভাৱত তেওঁ নিৰাপত্তাহীনতাত ভুগিছে ​​নেকি? এই প্ৰশ্নৰ স্পষ্ট উত্তৰ ঐশ্বৰ্যৰ আছিল, অভিনেত্ৰীগৰাকীয়ে কয়, “মই মোৰ কেৰিয়াৰৰ আৰম্ভণিতে নিৰাপত্তাহীনতাত ভুগিছিলো। এতিয়া নহয়।”

ঐশ্বৰ্যই কয়, “জীৱনত কি গুৰুত্বপূৰ্ণ সেই বিষয়ে মই সদায় বহুত স্পষ্টকৈয়ে কৈছিলো। বিয়াৰ আগতে মই মোৰ কেৰিয়াৰক অধিক অগ্ৰাধিকাৰ দিছিলো। বিয়াৰ পিছত মই পৰিয়ালক অধিক গুৰুত্ব দিলো। মোৰ বাবে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ ছোৱালী আৰাধ্যাক সময় দিয়া। তাৰ পিছত, মোৰ স্বামী অভিষেকৰ সৈতে সময় কটোৱা। গতিকে, মই আন কোনো কামত নিৰাপত্তাহীনতাত ভুগিব লগা নাই। মই বিকল্প বাছি লৈছো।”

এই উত্তৰেৰে ঐশ্বৰ্যই অভিষেকৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও সকলোকে বুজাই দিয়ে। ইয়াৰ পূৰ্বে  অভিষেক বচ্চনৰ পৰিয়ালে স্পষ্ট কৰি দিছিল যে বিবাহ বিচ্ছেদৰ খবৰটো সম্পূৰ্ণ মিছা।