শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Business in Winter: শীতকালত ঘৰত বহি অধিক লাভ অৰ্জনৰ বাবে কি কি ব্যৱসায় কৰিব পাৰে?

Business in Winter: শীতকালত ঘৰত বহি অধিক লাভ অৰ্জনৰ বাবে কি কি ব্যৱসায় কৰিব পাৰে?

manas-borah
Manas Borah | Published: 07 Dec 2025 22:42 PM

এই সময়ছোৱাত কম বিনিয়োগেৰে একাধিক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই সকলোবোৰ ব্যৱসায়ে আপোনাৰ বাবে এক বিশাল লাভৰ সুযোগ মুকলি কৰিব পাৰে।

ঘৰৰ পৰা ব্যৱসায় কৰা কথা ভাৱিছে নেকি ? শীতকালত কেনেকুৱা ধৰণৰ ব্যৱসায়ে অধিক লাভ দিব পাৰে? এই সময়ছোৱাত কম বিনিয়োগেৰে একাধিক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই সকলোবোৰ ব্যৱসায়ে আপোনাৰ বাবে এক বিশাল লাভৰ সুযোগ মুকলি কৰিব পাৰে। এই ক্ষেত্ৰত অলপ পৰিকল্পনা কৰি ব্যৱসায়ৰ বাবে সঠিক সামগ্ৰী বাছি ল’ব লাগিব।

কম বিনিয়োগেৰে অধিক লাভৰ উপাৰ্জনৰ বাবে কি বিক্ৰী কৰিব? ব্যৱসায়ৰ বাবে এক ডাঙৰ ক্ষেত্ৰ মহিলাৰ ফেশ্বন। আপুনি পাইকাৰী মূল্যত হেয়াৰপিন, ক্লিপ বা ক্লাচাৰ কিনি অনলাইন বা ছ’চিয়েল মিডিয়াত বিক্ৰী কৰিব পাৰে। এই ব্যৱসায়ত লাভৰ হাৰ অতি বেছি।

ইয়াৰ উপৰিও শীতকালত চুৱেটাৰৰ চাহিদা বৃদ্ধি পায়। যদি আপুনি নিজেই চুৱেটাৰ বনাব পাৰে, তেন্তে ইয়াৰ মূল্য বেলেগ হয়। আৰু নোৱাৰিলে পাইকাৰী বজাৰৰ পৰা চুৱেটাৰ কিনি অনলাইনত বিক্ৰী কৰি ভাল লাভ উপাৰ্জন কৰিব পাৰে। এজন ব্যৱসায়ীয়ে কয় যে, প্ৰতিটো চুৱেটাৰত ৫০ৰ পৰা ৭০ শতাংশ লাভ থাকিব পাৰে।