এবছৰীয়া প্ৰেমে লাভ কৰিলে পূৰ্ণতা। প্ৰেমৰ অন্তত বিয়া। পাছে এই বিয়া এতিয়া আছে চৰ্চাক। দৰাই কইনা আনিব যোৱা দৃশ্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। প্ৰেয়সীক কইনাৰ সাজত আনিবলৈ দৰাই এখন বিশেষ ৰথেৰে কৰিলে যাত্ৰা। এবছৰীয়া প্ৰেমৰ সফলতাৰ জয়গান গাই বৰভাগৰ যুৱ চিত্ৰকৰ কলা নিৰ্দেশক ৰাজীৱ আহমেদে ৰথত গ'ল কইনাৰ ঘৰলৈ। দৰাযাত্ৰাৰ সময়তো যাত্ৰীৰ মুখে মুখে জয় জুবিন দা ধ্বনি। এই ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।