আজি দিনটোত কি কি ঘটিছিল ? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা…
আজি ৮ ডিচেম্বৰ । বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটো কি কি ঘটিছিল চাওঁ আহক।
বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯২৩ চনত জাৰ্মানী আৰু আমেৰিকাৰ মাজত বন্ধুত্ব চুক্তি স্বাক্ষৰিত হয়। ১৯৪১ চনত আমেৰিকা আৰু ব্ৰিটেইনে জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ২০০৪ চনত পাকিস্তানে ৭০০ কিলোমিটাৰ দূৰত্বৰ শ্বাহীন-১ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে। ইতিহাসৰ পাতত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
- ১৮৬৩ চনত চিলিৰ ৰাজধানী ছান্টিয়াগোৰ জেচুইট গীৰ্জাত অগ্নিকাণ্ড সংঘটিত হয় আৰু ২৫০০ লোকৰ মৃত্যু হয়।
- ১৮৮১ চনত ইউৰোপীয় দেশ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত থিয়েটাৰত অগ্নিকাণ্ডত ৮০০ৰো অধিক লোকৰ মৃত্যু হয়।
- ১৯২৩ চনত জাৰ্মানী আৰু আমেৰিকাৰ মাজত বন্ধুত্ব চুক্তি স্বাক্ষৰিত হয়।
- ১৯৪১ চনত আমেৰিকা আৰু ব্ৰিটেইনে জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৫৬ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ১৬ সংখ্যক অলিম্পিক গেমছৰ সামৰণি পৰে।
- ১৯৬৭ চনত প্ৰথমখন চাবমেৰিন আই এন এছ কালভাৰী নৌসেনাত কমিচন কৰা হয়।
- ১৯৭৬ চনত আমেৰিকাই নেভাদাত পাৰমাণৱিক পৰীক্ষা চলায়।
- ২০০০ চনত ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়।
- ২০০৩ চনত জিম্বাবুৱেই নিলম্বনৰ সময়সীমা বৃদ্ধি কৰাৰ পিছত কমনৱেলথৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। বসুন্ধৰা ৰাজে সিন্ধিয়া ৰাজস্থানৰ মুখ্যমন্ত্ৰী হয়। উমা ভাৰতী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল।
- ২০০৪ চনত পাকিস্তানে ৭০০ কিলোমিটাৰ দূৰত্বৰ শ্বাহীন-১ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে।
- ২০০৭ চনত আমেৰিকা নেতৃত্বাধীন মিত্ৰশক্তিৰ বাহিনী আৰু নাটো বাহিনীয়ে দক্ষিণ আফগানিস্তানৰ মুছা কালা জিলাত তালিবান উগ্ৰপন্থীক আক্ৰমণ কৰে।
- ১৯৩৫ চনত আজিৰ দিনটোতে ভাৰতীয় প্ৰখ্যাত অভিনতা ধৰ্মেন্দ্ৰৰ জন্ম।