অসম জাতীয় পৰিষদক লৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, জুবিন গাৰ্গে অসম জাতীয় পৰিষদৰ বিষয়ে কৈ গৈছে। উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰীক সাংবাদিকে চাহ জনগোষ্ঠীক ভূমি পট্টা দিয়াকে ধৰি বিভিন্ন দিশৰ ওপৰত প্ৰশ্ন কৰিছিল। এই সময়চোৱাত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে কৰা অভিযোগ সন্দৰ্ভত শৰ্মাই কয় যে, এজেপিৰ বিষয়ে জুবিনে কৈ গৈছে। ইয়াৰোপৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক ভূমি পট্টা দিয়া অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব বুলি কয় শৰ্মাই।