পেট পৰিষ্কাৰ কৰিবলৈ খালী পেটত কি খাব লাগে?

07 DEC 2025

TV9 ASSAM

দুৰ্বল-অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে পেটৰ সমস্যা হোৱা দেখা যায়। এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ খালী পেটতে কিছুমান খাদ্য গ্ৰহণ কৰিব পাৰে।

পেটৰ সমস্যা

পুৱা খালী পেটত অমিতা খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাষণ কৰাত সহায়ক হয়। এইদৰে অমিতাই পেট পৰিষ্কাৰ কৰি ৰাখে।

অমিতা

পেট পৰিষ্কাৰ কৰিবলৈ দৈনিক এটা কল গাখীৰৰ সৈতে খাব লাগে। এই অভ্যাসে আপোনাক কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।

কল

প্ৰতিদিনে পুৱা খালী পেটত কিচমিচ খোৱাটো উপকাৰী হ’ব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ফাইফাৰ থাকে। নিশা তিয়াই থোৱা কিচমিচ পুৱা খালী পেটত খাব লাগে।

কিচমিচ

নাচপতিত ফাইবাৰ আৰু পেক্টিন থাকে, এই উপাদানসমূহে কোষ্ঠকাঠিন্য দূৰ কৰে। ই পেট পৰিষ্কাৰ কৰাৰ লগতে মল কোমল কৰাত সহায় কৰে।

নাচপতি

প্ৰতিদিনে পুৱা খালী পেটত চিয়া বীজ খালে পাচনতন্ত্ৰ শক্তিশালী হয়। ইয়াত বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।

চিয়া বীজ

পঢ়িবলৈ ক্লিক কৰক 

উচ্চ ৰক্তচাপ ৰোগীয়ে শীতকালত নাখাব এনে খাদ্য