শ্বাহৰুখ তনয় আৰিয়ানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, দাখিল হ’ল এজাহাৰ
কিং খান শ্বাহৰুখ তনয় আৰিয়ান খানৰ বিৰুদ্ধে এইবাৰ অশালীন ইংগিতেৰে মহিলাক অপমানৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী অধিবক্তাই শ্বাহৰুখ তনয়ৰ বিৰুদ্ধে বেংগালুৰু থানাত এজাহাৰ দাখিল কৰিছে। অধিবক্তাজনৰ অভিযোগ, অশালীন ইঙ্গিত দি নাৰীক অপমান কৰিছে আৰিয়ান খানে।
আন এক বিপদত পৰিছে বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানৰ পুত্ৰ। কিং খান শ্বাহৰুখ তনয় আৰিয়ান খানৰ বিৰুদ্ধে এইবাৰ অশালীন ইংগিতেৰে মহিলাক অপমানৰ অভিযোগ উত্থাপন হৈছে। কেৱল অভিযোগেই নহয়, আৰিয়ান খান বিৰুদ্ধে এই সন্দৰ্ভত এজাহাৰো দাখিল কৰা হৈছে। এগৰাকী অধিবক্তাই শ্বাহৰুখ তনয়ৰ বিৰুদ্ধে বেংগালুৰু থানাত এজাহাৰ দাখিল কৰিছে। অধিবক্তাজনৰ অভিযোগ, অশালীন ইঙ্গিত দি নাৰীক অপমান কৰিছে আৰিয়ান খানে। বেংগালুৰুৰ এটা নাইট ক্লাবত আৰিয়ানে এনে কাম কৰা বুলি অভিযোগ উঠিছে।
নাইট ক্লাৱটোত বন্ধু-বান্ধৱীৰ সৈতে উপস্থিত থকা আৰিয়ান খানে কেমেৰা দেখাৰ পিছত নিজৰ মধ্যমা আঙুলি দেখুওৱা বুলি অভিযোগ উঠিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা এনে এক ভিডিঅ’ৰ আধাৰত ৱাজে হুছেইন নামৰ অধিবক্তাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে। সবিশেষ জানিবলৈ চাওক ভিডিঅ’…
