থাকে ভাৰতত মন পাকিস্তানত, ভাৰতৰ বায়ু-পানী খাই পাকিস্তানৰ প্ৰতি দৰদ, বিধায়কসহ লকআপত সোমাল ৬ জন
পহলগামকাণ্ডৰ পাছত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰত । সমগ্ৰ বিশ্বই এই নিকৃষ্ট ঘটনাক গৰিহণা দিছে । তাৰ মাজতে সামাজিক মাধ্যমত পাকিস্তানৰ প্ৰতি দৰদ দেখুৱাই পাকিস্তানৰ স্থিতিৰ প্ৰচাৰ বা সমৰ্থন কৰাৰ অভিযোগত অসমৰ বিভিন্ন জিলাৰ ছয়জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশজুৰি দেখা গৈছে তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়া । প্ৰায় প্ৰতিজন ভাৰতীয়ৰে চকুত জ্বলি উঠিছে প্ৰতিশোধৰ দাবানল । পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে কাশ্মীৰৰ পহলগামত যোৱা মঙলবাৰে ধৰ্মৰ পৰিচয় সুধি বাচি বাচি হত্যা কৰিছিল ২৬ জন পৰ্যটকক । এই ঘটনাৰ পাচতেই এতিয়া পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈছে ভাৰত ।
সমগ্ৰ বিশ্বই এই নিকৃষ্ট ঘটনাক গৰিহণা দিছে । তাৰ মাজতে সামাজিক মাধ্যমত পাকিস্তানৰ প্ৰতি দৰদ দেখুৱাই পাকিস্তানৰ স্থিতিৰ প্ৰচাৰ বা সমৰ্থন কৰাৰ অভিযোগত অসমৰ বিভিন্ন জিলাৰ ছয়জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
এই আক্ৰমণৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰতি সহানুভূতি বা সমৰ্থন প্ৰদৰ্শন কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি সকীয়াই দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তাৰ পাছতেই বিভিন্ন এজাহাৰৰ ভিত্তিত এই ব্যক্তি কেইজনক গ্ৰেপ্তাৰ কৰা হৈছে । ধৃত ব্যক্তিকেইজন হ’ল-
- মঃ জাবিৰ হুছেইন – হাইলাকান্দি
- মঃ এ কে বাহাউদ্দিন আৰু মঃ জাভেদ মজুমদাৰ – শিলচৰ
- মঃ মহাহৰ মিঞা ওৰফে মঃ মুজিহিৰুল ইছলাম – মৰিগাঁও
- মঃ আমিনুল ইছলাম – নগাঁও
- মঃ সাহিল আলী – শিৱসাগৰ
অসমৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে “এনে বিষয়ত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন বা ৰক্ষা কৰা কোনো ব্যক্তিক অসমে সহ্য নকৰে” । তদন্ত অব্যাহত থকাৰ লগে লগে আৰু অধিক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই নিশ্চিত কৰিছে ।
গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলাম
এই ঘটনা সন্দৰ্ভত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম । পহলগামৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আমিনুল ইছলামে মন্তব্য প্ৰকাশ কৰিছিল যে পুলৱামাকাণ্ডৰ সময়তো বিজেপিয়ে ষড়যন্ত্ৰ ৰচিছিল । এতিয়াও ডাঙৰ ষড়যন্ত্ৰ ৰচিছে । সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি হত্যা কৰা নাই বুলি দাবী কৰি ইছলামে কয় যে বিজেপিয়ে এয়া ভুৱা প্ৰচাৰ কৰিছে । ইয়াৰ পাছতেই বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰে । ইফালে এ আই ইউ ডি এফৰ তৰফৰ পৰা এই মন্তব্য বিধায়ক ইছলামৰ ব্যক্তিগত বুলি উল্লেখ কৰা হৈছে ।