15 Dec 2025
TV9 ASSAM
বাস্তু শাস্ত্ৰ অনুসৰি,ঘৰত কিছুমান বস্তু ৰখা অশুভ। এনে বস্তু ৰাখিলে দৰিদ্ৰতা আহে। ইমানেই নহয়, স্বাস্থ্য সম্পৰ্কীয় সমস্যা, উন্নতিত বাধা আহিব পাৰে।
ঘৰত কেতিয়াও দেৱ-দেৱীৰ খণ্ডিত বা ভঙা মূৰ্তি ৰাখিব নালাগে। এয়া অশুভ। এনে মূৰ্তি ঘৰত ৰাখিলে আৰ্থিক সমস্যাৰ লগতে সুখ-শান্তিত প্ৰভাৱ পৰে। এনে মূৰ্তি সদায় বিসৰ্জন দিব লাগে।
বহু সময়ত মানুহে ফটা পুৰণি কাপোৰ ঘৰত জমা কৰি ৰাখে। য'ত ধূলি ভৰি যায়। এনে কাপোৰ এতিয়াও ৰাখিব নালাগে। ই ৰাহু-কেতুৰ নকৰাত্মক প্ৰভাৱ আনে। যাৰ ফলত বিভিন্ন সমস্যা আহিব পাৰে।
ঘৰত ভঙা ডাষ্টবিন ৰখা অশুভ। বাস্তু শাস্ত্ৰ অনুসৰি, যি ঘৰত ভঙা ডাষ্টবিন থাকে তেনে ঘৰত দৰিদ্ৰতা আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰে শান্তি নোহোৱা কৰে।
ঘৰত কেতিয়াও বেয়া বা বন্ধ হোৱা ঘড়ী ৰাখিব নালাগে। ই ঘৰলৈ অশুভ সময় কঢ়িয়াই আনে। ইমানেই নহয়, এনে ঘড়ী ৰাখিলে ঘৰত সুখ-শান্তি,সমৃদ্ধিত বাধা আহে বুলি কয়।
ঘৰত কেতিয়াও পুৰণি, ফটা বাতৰি কাকত বা কাগজ আদি ৰাখিব নালাগে। ই বাস্তু দোষ আনে। এনে কাগজ ঘৰত ৰাখিলে নকৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি হয় বুলি কয়।
পাকঘৰত কেতিয়াও ভঙা বাচন-বৰ্তন ৰাখিব নালাগে। এয়া অশুভ। বাস্তু মতে, পাকঘৰত ভঙা বাচন-বৰ্তন ৰাখিলে ঘৰৰ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা হয়।
পঢ়িবলৈ ক্লিক কৰক