সুৰংগ খান্দি কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা মাছুদৰ, তাৰ পাছতেই ঘটিল এই ঘটনা
১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহত মাছুদ আজহাৰ ভাৰতলৈ আহিছিল। সেই বছৰতে তেওঁক অনন্তনাগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কোট ভালৱাল কাৰাগাৰত বন্দী হৈ থকা সময়ছোৱাত মাছুদ আজহাৰে কেইবাবাৰো জেলৰ পৰা পলাবলৈ চেষ্টা কৰিছিল।
নিজৰ কাৰ্যৰ বাবে ভাৰতক চৰম মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল মাছুদ আজহাৰে। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে নিজেই স্বীকাৰ কৰে যে তেওঁ জম্মু-কাশ্মীৰৰ এখন কাৰাগাৰৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পিছত যথেষ্ট মূল্য দিবলগীয়া হৈছিল।
পাকিস্তানত এক সমাৱেশত ভাষণ দিছিল মাছুদ আজহাৰে। সেই ভাইৰেল অডিঅ’ত শুনা গৈছে যে তেওঁ নব্বৈৰ দশকত জম্মু-কাশ্মীৰৰ এখন কাৰাগাৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। চোৰাংচোৱা সংস্থায়ো নিশ্চিত কৰিছে যে এই কণ্ঠ মাছুদ আজহাৰৰ।
অডিঅ’ ক্লিপটোত মাছুদ আজহাৰে স্বীকাৰোক্তি দিয়া শুনা গৈছে যে তেওঁ জম্মু-কাশ্মীৰৰ কোট ভালৱাল জেলৰ পৰা সুৰংগ খান্দি পলাবলৈ চেষ্টা কৰিছিল, কিন্তু পলায়নৰ দিনটোত বিফল হৈছিল। জেল কৰ্তৃপক্ষই এই কথা জানিব পৰাত হাতে-লোটে ধৰা পৰে মাছুদ আজহাৰ।
অডিঅ’ ক্লিপটোত লগতে কোৱা হৈছে যে পলায়নৰ চেষ্টাত বহুত খৰচ কৰিবলগীয়া হৈছিল তেওঁ। মাছুদে ক’লে, “পলায়নৰ পৰিকল্পনাৰ শেষ দিনটোত মই ধৰা পৰিলোঁ।” মাছুদে কয় যে তেওঁ এতিয়াও জেল কৰ্তৃপক্ষক ভয় কৰে, যিয়ে তেওঁক ধৰা পৰাৰ পিছত মাৰপিট কৰিছিল। জেলৰ পৰা পলাবলৈ চেষ্টা কৰা মাছুদ আৰু তেওঁৰ সংগীসকলৰ বাবে অধিক কঠোৰ নিয়ম প্ৰৱৰ্তন কৰা হয়। কোনো নিয়ম ভংগ কৰিলে তেওঁলোকক শাস্তি বিহা হৈছিল। মাছুদে কয় যে তেওঁক সেই জেলত শিকলিৰে বান্ধি ৰখা হৈছিল।
প্ৰসংগক্ৰমে জম্মুৰ এই কাৰাগাৰখন উচ্চ নিৰাপত্তাসম্পন্ন। দেশৰ বহু কুখ্যাত সন্ত্ৰাসবাদী এই কাৰাগাৰত আবদ্ধ হৈ আছে। মাছুদ আজহাৰৰ এই স্বীকাৰোক্তিয়ে পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দিছে বুলি ভাৰতে কৰা দাবীক পুনৰ প্ৰমাণ কৰে।
১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহত মাছুদ আজহাৰ ভাৰতলৈ আহিছিল। ভুৱা পৰিচয় পত্ৰ আৰু পৰ্তুগীজ পাছপ’ৰ্ট লৈ ভাৰতত প্ৰৱেশ কৰিছিল মাছুদে। তেওঁৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰত জেহাদৰ বীজ বিয়পাই সন্ত্ৰাসবাদীক নিয়োগ কৰা। সেই বছৰতে তেওঁক অনন্তনাগৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কোট ভালৱাল কাৰাগাৰত বন্দী হৈ থকা সময়ছোৱাত মাছুদ আজহাৰে কেইবাবাৰো জেলৰ পৰা পলাবলৈ চেষ্টা কৰিছিল।
১৯৯৯ চনত যেতিয়া ইণ্ডিয়ান এয়াৰলাইন্সৰ আইচি-৮১৪ বিমান অপহৰণ হৈছিল, তেতিয়া বন্দী সন্ত্ৰাসবাদীক মুকলি কৰি দিয়াৰ দাবী তুলিছিল সন্ত্ৰাসবাদীয়ে। সেয়ে মাছুদ আজহাৰক মুকলি কৰি দিব লগা হৈছিল। ইয়াৰ পিছত তেওঁ পাকিস্তানলৈ পলায়ন কৰি জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী সংগঠন গঠন কৰে। ভাৰতত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত হৈ আছে জয়ছ-ই-মহম্মদ।
শেহতীয়াকৈ পহলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানত অপাৰেচন সেন্দূৰ আৰম্ভ কৰে। পাকিস্তানত ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হৈছে মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন সদস্য। চাৰিজন সন্ত্ৰাসবাদীও নিহত হয় এই আক্ৰমণত।