15 Dec 2025
TV9 ASSAM
আজিকালি প্ৰায় বিভিন্নজনে ওজন বৃদ্ধিৰ সমস্যাত ভুগিছে। কিন্তু ওজন নিয়ন্ত্ৰণত ৰখা দৰকাৰ। অন্যথা শৰীৰত বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ওজন নিয়ন্ত্ৰণ কৰিবলৈ মানুহে জিমলৈ যায় বা বিভিন্ন পদক্ষেপ লয়।
কিন্তু ৫ বিধ ঘৰুৱা পানীয়ই আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে। কিছুদিন পাছতেই আপুনি এই পানীয়ৰ পৰিণাম দেখিবলৈ পাব। অৱশ্যে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে। যিয়ে চৰ্বি কম কৰি হজম শক্তি ভাল কৰে। যদি আপুনি প্ৰতিদিনে গ্ৰীণ টি খাই কেইদিনমান পাছতে প্ৰভাৱ দেখিবলৈ পাব। ই মানসিক স্বাস্থ্যও ভালে ৰাখে।
পুৱা আদা চাহ খালে দিনটোত নিমখীয়া খোৱাৰ ইচ্ছা কম হয়। অস্বাস্থ্যকৰ খাদ্যৰ পৰা দূৰত থাকিলে ওজন নিয়ন্ত্ৰণত থাকে। ই পেট ফুলাৰ সমস্যা হয়। অৱশ্যে এই চাহত গাখীৰ দিব নালাগে।
জবা ফুলৰ চাহে পানীৰ অভাৱ দূৰ কৰে আৰু বিপাকীয় ক্ৰিয়া ভাল কৰে। ইয়াৰ সোৱাদ ক্ৰেনবেৰী জুছৰ দৰে অলপ টেঙা। যেতিয়া বিপাকীয় ক্ৰিয়া ভাল হয় তেতিয়া ওজন কমিবলৈ আৰম্ভ কৰে।
যদি আপুনি বেছিকৈ মিঠা খাই তেন্তে ডালচেনি চাহ খাব পাৰে। ই খাবলৈ মিঠা। গতিকে এই চাহ খালে অন্য মিঠা খাবৰ মন নাযায়। এনে অৱস্থাত ডায়েট ভালে থাকে আৰু ওজন নিয়ন্ত্ৰণত সহায় হয়।
হজম প্ৰক্ৰিয়াৰ বাবে এই চাহ ভাল। এই চাহে পেটক আৰাম প্ৰদান কৰে আৰু পেট ফুলাৰ সমস্যাৰ পৰা সহায় দিয়ে। ইয়াক কেফিন নাথাকে। ইয়াৰোপৰি ই টোপনি ভাল কৰে।
পঢ়িবলৈ ক্লিক কৰক