ধন বাকী ২৩৭.৫৫ কোটি টকা, স্থান আছে ৭৭ টা; এতিয়াই চাওক IPL 2026ৰ নিলামৰ কিছু চৰ্চিত বিষয়
কাইলৈ অনুষ্ঠিত হ’ব এই বহুচৰ্চিত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া। কিন্তু নিলামৰ বাবে কোনটো দলৰ হাতত সৰ্বাধিক ধন আছে? কোনটো দলত অধিক খেলুৱৈৰ আৰু কোনটো দলত কম খেলুৱৈৰ প্ৰয়োজন? নিলামৰ পূৰ্বে এনে নানা প্ৰশ্ন অনুৰাগীৰ মনত উদয় হৈছে। জানো আহক এইবিষয়ে।
আৰম্ভ হৈছে বিশ্বৰ আটাইতকৈ জনপ্ৰিয় তথা ধনাঢ্য ক্ৰিকেট লীগ আই পি এলৰ আগন্তুক সংস্কৰণৰ নিলামৰ কাউণ্টডাউন। কাইলৈ অনুষ্ঠিত হ’ব এই বহুচৰ্চিত খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া। প্ৰতিযোগিতাৰ ১০টা দলে এইবাৰ ৭৭জন খেলুৱৈ ক্ৰয়ৰ বাবে নিলামত অংশ ল’ব। এই ৭৭টা স্থান পূৰণৰ বাবে ফ্ৰেন্সাইজিকেইটাৰ হাতত আছে মুঠ ২৩৭.৫৫ কোটি টকা। কিন্তু নিলামৰ বাবে কোনটো দলৰ হাতত সৰ্বাধিক ধন আছে? কোনটো দলত অধিক খেলুৱৈৰ আৰু কোনটো দলত কম খেলুৱৈৰ প্ৰয়োজন? নিলামৰ পূৰ্বে এনে নানা প্ৰশ্ন অনুৰাগীৰ মনত উদয় হৈছে। জানো আহক এইবিষয়ে।
কেতিয়া আৰু ক’ত হ’ব নিলাম?
১৬ ডিচেম্বৰ, অৰ্থাৎ মঙলবাৰে আবুধাবিত অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ নিলাম। বিয়লি ২:৩০ বজাৰ পৰা এই নিলামৰ আৰম্ভণি হ’ব। এয়া হ’ব আই পি এলৰ মিনি নিলাম।
মিনি নিলাম কি?
আই পি এলৰ মেগা নিলাম তিনি বছৰৰ মূৰে মূৰে হয়। ইয়াৰ মাজৰ দুটা বছৰত মিনি নিলাম হয়। উদাহৰণস্বৰূপে আই পি এল ২০২৫ত মেগা নিলাম হৈছিল যদিও ২০২৬ আৰু ২০২৭ আই পি এল ছিজনত এতিয়া মিনি নিলাম হ’ব। মেগা নিলামত দলসমূহে মাত্ৰ ছয়জন খেলুৱৈকহে ৰিটেইন কৰিব পাৰে আৰু আন খেলুৱৈসকলক পুনৰ ক্ৰয় কৰিব লাগিব। অৱশ্যে মিনি নিলামত এনে নহয়, প্ৰয়োজন অনুসৰি কম খেলুৱৈ ক্ৰয় কৰা হয়।
কিমানজন খেলুৱৈৰ নিলাম হ’ব?
আই পি এল ২০২৬ৰ মিনি নিলামৰ বাবে ১,৩৯০ জন খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল, ইয়াৰে ভিতৰত ৩৫০ জন খেলুৱৈক বিচিচিআইয়ে চৰ্টলিষ্ট কৰিছে। এই চৰ্টলিষ্ট কৰা খেলুৱৈসকলৰ ভিতৰত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈ।
কোনটো দলৰ হাতত অধিক আৰু কম ধন?
আই পি এল ২০২৬ৰ মিনি নিলামৰ বাবে ১০টা দলৰ হাতত মুঠ ২৩৭.৫৫ কোটি টকা আছে। কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত সৰ্বাধিক ৬৪.৩০ কোটি টকা থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছৰ হাতত সৰ্বনিম্ন ২.৭৫ কোটি টকা আছে।
কিমান স্থান খালী?
আগন্তুক সংস্কৰণৰ বাবে ১০ টা দলে ১৭৩ জন খেলুৱৈক ৰিটেইন কৰিছিল, ইয়াৰে ৪৫ জন বিদেশী খেলুৱৈ। সাধাৰণতে ১০টা দলত ৮০ জন বিদেশী খেলুৱৈকে ধৰি ২৫০ জন খেলুৱৈ থাকিব পাৰে। সেয়ে নিলামৰ জৰিয়তে ৭৭টা খালী স্থান পূৰ কৰা হ’ব, ইয়াৰে ৫২টা ভাৰতীয় খেলুৱৈৰ বাবে আৰু ২৫টা স্থান বিদেশী খেলুৱৈৰ বাবে।
ক’ত চাব পাৰিব নিলাম?
আই পি এল ২০২৬ৰ মিনি নিলাম ষ্টাৰ স্প’ৰ্টছ আৰু জিঅ’ হটষ্টাৰত লাইভ সম্প্ৰচাৰ চাব পাৰিব অনুৰাগীসকলে।