পাত কচুৰ আছে এনে উপকাৰী গুণ, জানিলে হ’ব আচৰিত

15 DEC 2025

TV9 ASSAM

কচু হয়তো বহুলোকৰে প্ৰিয় খাদ্য। ইয়াত বহু পুষ্টিকৰ পদাৰ্থ পোৱা যায়। কচুৰ পাতো স্বাস্থ্যৰ বাবে অতি উপকাৰী। জানো আহক এইবিষয়ে।

কচু

ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। সেয়ে উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীয়ে পাত কচু খালে যথেষ্ট উপকাৰিতা লাভ কৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ

ভিটামিন চি উপলব্ধ বাবে কচু পাতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেয়ে বতৰ পৰিৱৰ্তনৰ সময়ত কচু পাত যথেষ্ট উপকাৰী হৈ পৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

অতিৰিক্ত ওজন হ্ৰাসৰ চেষ্টা চলাই থকাসকলে ফাইবাৰযুক্ত কচু পাত খাব লাগে। ই বহুসময়লৈ পেট ভৰাই ৰাখে আৰু অতিমাত্ৰা খাদ্য খোৱাটো ৰোধ কৰে।

ওজন হ্ৰাস

কচু পাতত যথেষ্ট পৰিমাণৰ ফাইবাৰ থাকে। সেয়ে কচু পাতে হজম শক্তি বৃদ্ধি কৰে আৰু কোষ্ঠকাঠিন্য, বদহজমৰ দৰে সমস্যাৰ পৰা উপশম দিয়ে।

হজম শক্তি

কচু পাতত যথেষ্ট পৰিমাণৰ আইৰণ থাকে। আইৰণৰ জৰিয়তে দেহত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায় আৰু ৰক্তহীনতাৰ সম্ভাৱনা হ্ৰাস পায়।

হিম’গ্লবিন বৃদ্ধি

কচু পাতত প্ৰচুৰ পৰিমাণে ভিটামিন এ, বিটা কেৰটিন, প্ৰদাহ নিবাৰণকাৰী গুণ আছে। সেয়ে ছাল আৰু চুলি সুস্থ কৰি ৰখাত কচু পাত যথেষ্ট উপকাৰী।

ছাল-চুলিৰ বাবে

পঢ়িবলৈ ক্লিক কৰক 

এই ৩টা মূৰ্তি ঘৰত ৰাখিলে দূৰ হ'ব সুখ-শান্তি