২৪ ডিচেম্বৰৰ পৰা ১৪ দিনীয়াকৈ গুৱাহাটীৰ খানাপাৰাত অসম গ্ৰন্থমেলা
নতুন বৰ্ষৰ ৬ জানুৱাৰীত অন্ত পৰিবলগা অসম গ্ৰন্থমেলাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰখ্যাত সাহিত্যিক আমিছ তৃপাঠী৷ তেওঁৰ উপৰিও দেশৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব গ্ৰন্থমেলাত৷
অহা ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। মুঠ ১৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা এই গ্ৰন্থমেলাৰ লাইখুঁটা দেওবাৰে স্থাপন কৰা হয়৷ আৰক্ষী আযুক্ত পার্থ সাৰধি মহন্তই দেওবাৰে গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ২৪ ডিচেম্বৰত অসম গ্ৰন্থমেলাৰ উদ্বোধন কৰিব৷
নতুন বৰ্ষৰ ৬ জানুৱাৰীত অন্ত পৰিবলগা অসম গ্ৰন্থমেলাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব প্ৰখ্যাত সাহিত্যিক আমিছ তৃপাঠী৷ তেওঁৰ উপৰিও দেশৰ কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকিব গ্ৰন্থমেলাত৷ জানিব পৰা মতে দিল্লী আৰু কলকতাৰ প্ৰকাশন গোষ্ঠীয়েও অসম গ্ৰন্থমেলাত অংশ ল’ব৷
