মেৰাপানীৰ জয়পুৰত নাগালেণ্ডৰ অস্ত্ৰধাৰী চিকাৰী দলৰ আক্ৰমণৰ বলি অসমীয়া গঞা
নগা দলটোৱে কেইবাজনো স্থানীয় লোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। তদুপৰি বন্দুক লৈ গুলীয়াই দিয়াৰো ভাবুকি দিয়ে নগা দুৰ্বৃত্তই।
অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্তৰ পুনৰ সন্ত্ৰাস চলাইছে নগা দুৰ্বৃত্তই। দেওবাৰে নাগালেণ্ডৰ ১১ জনীয়া অস্ত্ৰধাৰী চিকাৰীদলে চৰাই চিকাৰৰ উদ্দেশ্যে মেৰাপানী সীমান্তৰ ডি চেক্টৰৰ ভেলৌগুৰি জয়পুৰ গাঁৱত প্ৰৱেশ কৰি অসমীয়া গাঁওখনৰ স্থানীয় লোকসকলক ভবুকি দি মাৰপিট কৰাৰ অভিযোগ উঠিছে। নগা দুৰ্বৃত্তৰ এনে কাণ্ডই অঞ্চলটোত পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বিবদমান চীডৰ্ফামৰ কাষতে থকা অসমীয়া গাঁওখনত নগা দুৰ্বৃত্তৰ দলটোৱে চৰাই মাৰিবলৈ প্ৰৱেশ কৰিছিল।
স্থানীয় অসমীয়া লোকসকলে এই কাৰ্যত বাধা প্ৰদান কৰাৰ বাবেই নগা দুৰ্বৃত্তৰ দলটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে। নগা দলটোৱে কেইবাজনো স্থানীয় লোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। তদুপৰি বন্দুক লৈ গুলীয়াই দিয়াৰো ভাবুকি দিয়ে নগা দুৰ্বৃত্তই। সবিশেষ তথ্যৰ বাবে চাওক ভিডিঅ’…
