বেলট পেপাৰ চুৰি, মাৰপিট…১ মিনিটত পঢ়ক পঞ্চায়ত নিৰ্বাচনৰ ১০ টা ডাঙৰ খবৰ…
চলি আছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই সময়চোৱাত বিভিন্ন প্ৰান্তৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ পোহৰলৈ আহিছে। বিশেষকৈ বৰাক উপত্যকাত নিৰ্বাচনকেন্দ্ৰিক সংঘাত দেখা যায়।

আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। উজনি অসম আৰু বৰাক উপত্যকাৰ ১৪ খন জিলাত অনুষ্ঠিত হৈছে নিৰ্বাচন। এই সময়চোৱাত বিভিন্ন ভোটকেন্দ্ৰৰ পৰা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ খবৰ পোহৰলৈ আহিছে। বিশেষকৈ বৰাক উপত্যকাৰ কেইবাটাও ভোটকেন্দ্ৰত মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ বাহিৰে বাকী ভোটকেন্দ্ৰসমূহত সুকলমে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজিৰ নিৰ্বাচনৰ বৰ্তমান সময়লৈকে ঘটনা কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-
- শ্ৰীভূমিত বেলট পেপাৰ চুৰিৰ ঘটনা সংঘটিত হৈছে। আছিমগঞ্জ ফৰিদকোনা পঞ্চায়তৰ ৯ নং ৱাৰ্ডত এই ঘটনা। আজি ৰাজা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত এই ঘটনা।
- শ্ৰীভূমি জিলাত নিৰ্বাচনকেন্দ্ৰিক সংঘাত। চেৰাগী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী কুবেৰ যাদৱক প্ৰহাৰ। বিজেপি সমৰ্থকৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
- টীয়কত ভোটদানৰ পৰা বঞ্চিত প্ৰাৰ্থী। ভোটাৰ তালিকাত পশ্চিম টীয়ক পঞ্চায়তৰ ৪ নং দক্ষিণ দুলীয়া বাৰ্ডৰ প্ৰাৰ্থী দিম্পী বৰাৰ নাম নাহিল। মধ্য দক্ষিণ দুলীয়া প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত এই ঘটনা।
- দক্ষিণ কৰিমঞ্জৰ দলগ্ৰাম ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। ভোট দিয়াক লৈ দুই পক্ষৰ মাজত হতাহতি। এই ঘটনাত আহত ৩ জনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে।
- শ্ৰীভূমিৰ দুটা ভোটকেন্দ্ৰত ৰাইজৰ ভোট বৰ্জন। ৭১৫ নং দক্ষিণকুল এলপি স্কুলৰ দুটাকৈ ভোটকেন্দ্ৰত ভোট বৰ্জনৰ ঘটনা। অভিযোগ অনুসৰি একাংশ ব্যক্তিৰ লাভৰ বাবে ১০ কিলোমিটাৰ দূৰলৈ ভোটকেন্দ্ৰ স্থাপন।
- শ্ৰীভূমিত বেলট বিসংগতি। অভিযোগ অনুসৰি ৱাৰ্ড সদস্যৰ প্ৰতীকচিহ্ন আছিল কাপ-প্লেট, কিন্তু বেলট পেপাৰত আহিল অটো-ৰিক্সাৰ ছবি। মেদল শৰীফ নগৰ পঞ্চায়তৰ ৭ নং ৱাৰ্ডত এই ঘটনা।
- কাছাৰৰ কাটিগড়াৰ ভোটকেন্দ্ৰত মাৰপিটৰ ঘটনা। এই ঘটনাত আহত কেইবাজনো। ফুলবাৰী-তাৰিণীপুৰ গাঁও পঞ্চায়তৰ ২ নং ভোটকেন্দ্ৰত এই ঘটনা।
- মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী প্ৰশান্ত ফুকন, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আদিয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ। লগতে ৰাইজত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
- যোৰহাট , ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত ভোটদান সুকলমে চলি থকা বুলি জানিব পৰা গৈছে। আবেলি ৪.৩০ বজাত এই ভোটদান প্ৰক্ৰিয়া শেষ হ’ব।
- ১১.৩০ বজালৈ ভোটদানৰ হাৰ প্ৰকাশ। বৰ্তমান সময়লৈকে সৰ্বাধিক লখিমপুৰ জিলাত ভোটদান হৈছে। জিলাখনত ভোটদানৰ হাত ২৭.৬ শতাংশ। অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া।
উল্লেখ্য যে, আজি আবেলি ৪.৩০ বজালৈ চলিব ভোটদান প্ৰক্ৰিয়া। ইয়াৰ পাছতে অহা ৭ মে’ত নামনি অসমৰ ১৩ খন জিলাত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে আজিৰ পৰা এই জিলাসমূহত আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান।
অন্য খবৰ পঢ়কঃ আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ১৪ জিলাত মুঠ ভোটাৰ ৮৯,৬০,৫৭৭ গৰাকী