৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী, উদ্বোধন কৰিব দেশৰ প্ৰথমটো বায়’-ইথানল প্লাণ্ট, মুখ্যমন্ত্ৰীৰ ঘোষণা…
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা দেশৰ ভিতৰতে প্ৰথমটো প্ৰকল্প নুমলীগড়ত শুভ উদ্বোধন কৰিব। আছাম বায়’ ইথানল প্ৰাইভেট লিমিটেড (এবিইপিএল) হৈছে বাঁহৰ পৰা ইথানল উৎপাদন কৰা প্ৰথমটো বায়’-ৰিফাইনেৰী।

বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা দেশৰ ভিতৰতে প্ৰথমটো প্ৰকল্প নুমলীগড়ত স্থাপন কৰা হৈছে। এই প্ৰকল্পটো উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,অহা ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা দেশৰ ভিতৰতে প্ৰথমটো প্ৰকল্প নুমলীগড়ত শুভ উদ্বোধন কৰিব।
তেওঁ কয়,”এই উদ্যোগৰ সফলতাই আগন্তুক দিনত এনেধৰণৰ আৰু অধিক উদ্যোগ অসমত স্থাপনত উৎসাহ প্রদান কৰিব।” ইয়াৰ লগতে প্ৰকল্পটো উদ্বোধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সফল কৰি তোলাৰ বাবে সোমবাৰে নুমলীগড়ত মন্ত্ৰী, সাংসদ, বিধায়ক আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বিশেষ আলোচনাত মিলিত হোৱাৰ কথাও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী শৰ্মাই নুমলীগড় শোধনাগাৰ পৰিসৰত উপস্থিত হৈ নুমলীগড় শোধনাগাৰত কৰ্মৰত আবাসীসকলৰ বাবে ধনশিৰী নগৰ নামৰ নৱনিৰ্মিত টাউনশ্বিপৰ শুভ উদ্বোধন কৰে। লগতে শোধনাগাৰ কৰ্তৃপক্ষৰ সৈতেও পর্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী।
উল্লেখ্য যে, ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’বলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৮ ছেপ্টেম্বৰত অসমত উপস্থিত হোৱাৰ কথা পূৰ্বে জানিবলৈ দিছিল মুখ্যমন্ত্ৰী শৰ্মাই। সোমবাৰে নুমলীগড় শোধনাগাৰ লিমিটেডৰ স্থান পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই আৰু বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে।
আছাম বায়’ ইথানল প্ৰাইভেট লিমিটেড (এবিইপিএল) হৈছে বাঁহৰ পৰা ইথানল উৎপাদন কৰা প্ৰথমটো বায়’-ৰিফাইনেৰী। এই প্ৰকল্পৰ সৈতে জড়িত হৈ আছে এনআৰএল আৰু ফিনলেণ্ডৰ দুটা কোম্পানী -ফ’ৰ্টাম আৰু কেম্পলিছ অয়। আনুমানিক ৪ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই জৈৱ শোধনাগাৰত ৩০০ KTPA বাঁহক ফিডষ্টক হিচাপে ব্যৱহাৰ কৰি ৪৯ KTPA ইথানল উৎপাদন ক্ষমতা থাকিব বুলি জানিব পৰা গৈছে।