Assam Panchayat election: আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ১৪ জিলাত মুঠ ভোটাৰ ৮৯,৬০,৫৭৭ গৰাকী
Assam Panchayat election: আজি পুৱাৰ পৰা আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনে সামৰি লৈছে ১৪ খন জিলা।

শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনে আজিৰ পৰ্যায়ত সামৰি লৈছে ১৪ খন জিলা। এই ১৪ জিলা ক্ৰমে- তিনিচুকীয়া, ডিব্ৰুগড়,চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলা। নিৰ্বাচন প্ৰক্ৰিয়া যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে ভোটকেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
তথ্য অনুসৰি আজি ১৪ জিলাৰ নিৰ্বাচনে সামৰি ল’ব ZPC ৰ ২১৬ খন আসন আৰু ZPC ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৫৬০ গৰাকী প্ৰাৰ্থীয়ে। ১৪ খন জিলাত AP ৰ মুঠ আসনৰ সংখ্যা ১,১৩৮ খন। এই ১,১৩৮ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ২,৭০৫ গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰোপৰি ১,২০৭ খন GP ৰ ১২,০৭০ টা ৱাৰ্ডৰ বাবেও অনুষ্ঠিত হৈছে নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে স্থাপন কৰা হৈছে ১২,৯১৬ টা ভোটকেন্দ্ৰ ।
আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৮৯,৬০,৫৭৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৬৪ গৰাকী বুলি জানিব পৰা গৈছে। নিৰ্বাচন যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে ১৪ জিলাত বিভাগীয় কৰ্তৃপক্ষই বন্ধ ঘোষণা কৰিছে।
ইয়াৰ মাজতে বৃহস্পতিবাৰে নিৰ্বাচনত নিয়োজিত ৪ প্ৰিজাইডিং বিষয়াক নিলম্বন কৰে বিভাগীয় কৰ্তৃপক্ষই। বেলট হেৰুৱাই হাইলাকান্দিত নিলম্বিত ৪ গৰাকী শিক্ষক হৈছে- চিৰঞ্জীৱ সিংহ, নাছিৰ উদ্দিন লস্কৰ, শ্বৰীফ উদ্দিন মাজাৰভূঞা আৰু আহমেদ আলী লস্কৰ। হাইলাকান্দিৰ উমেদনগৰ-ৰাজেশ্বৰপুৰত নিয়োগ কৰা হৈছিল বিষয়াকেইগৰাকীক।
উল্লেখ্য যে, এইবাৰ বেলট পেপাৰত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচন। ইয়াৰোপৰি কোনো প্ৰাৰ্থীৰ নাথাকে দলীয় প্ৰতীক। ইমানেই নহয়, এইবাৰ সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত নহয়। যিসকল প্ৰাৰ্থীয়ে সদস্য পদত নিৰ্বাচিত হয় সেইসকলৰ মাজৰ পৰা নিৰ্বাচিত হ’ব সভাপতি।
ইয়াৰ পাছত অহা ৭ মে’ত অনুষ্ঠিত হ’ব পঞ্চায়তৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগা ১৩ খন জিলা ক্ৰমে- ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং। অহা ১১ মে’ত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।
এই নিৰ্বাচন প্ৰক্ৰিয়াৰে ২১৯২০টা গাঁও পঞ্চায়তৰ সদস্য,২১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্য বাচনি কৰা হ’ব। নিৰ্বাচিত হোৱা গাঁও পঞ্চায়তৰ পৰা ২১৯২খন গাওঁ পঞ্চায়তৰ ২১৯২জন সভাপতি আৰু ২১৯২জন উপসভাপতি নিৰ্বাচন কৰিব ৷ ইয়াৰে ৯২৭০ খন মুক্ত আসন। এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০৮৮৩ খন।
ইতিমধ্যে জিলা পৰিষদৰ ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে এন ডি এ প্ৰাৰ্থী। ইয়াৰে ৩৫ খন গৈছে বিজেপিৰ হাতলৈ।ইয়াৰোপৰি AIUDF য়ে এখন, নিৰ্দলীয়ই ১৩ খন আৰু কংগ্ৰেছে ৯ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বুলি জানিব পৰা গৈছে।
অন্য খবৰ পঢ়কঃ Assam panchayat election Live 2025: পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া…