পলকতে পঢ়ক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…
নলবাৰীত সোমবাৰে পুৱা উচ্ছেদ অভিযান চলাই প্ৰশাসনে। বকৰীকুছি আৰু মুকালমুৱাত উচ্ছেদ কৰা হয় প্ৰায় ১০০ টা ঘৰ। ইফালে, আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত নাটঘৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ।

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বোকাখাতৰ CRPF কেম্পৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণ সৈতে জড়িত দুই অভিযুক্ত আহত হয় আৰক্ষীৰ গুলীত। একেদৰে নলবাৰীত সোমবাৰে পুৱা উচ্ছেদ অভিযান চলাই প্ৰশাসনে। বকৰীকুছি আৰু মুকালমুৱাত উচ্ছেদ কৰা হয় প্ৰায় ১০০ টা ঘৰ। ইফালে, আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত নাটঘৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ।
বোকাখাত আৰক্ষীৰ এনকাউণ্টাৰ
দেওবাৰে নিশাৰ নিস্তব্ধ ভেদি গৰজি উঠিল অসম আৰক্ষীৰ বন্দুকে। বোকাখাতৰ CRPF কেম্পৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণ সৈতে জড়িত দুই অভিযুক্ত আহত হয় আৰক্ষীৰ গুলীত। লুকুৱাই থোৱা পিস্তল উদ্ধাৰৰ বাবে লৈ যোৱা সময়তে আৰক্ষীলৈ গুলী চালনা কৰে দুই অভিযুক্তই। আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত আহত হয় অভিযুক্তদ্বয়।
নলবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান
নলবাৰীত সোমবাৰে পুৱা উচ্ছেদ অভিযান চলাই প্ৰশাসনে। বকৰীকুছি আৰু মুকালমুৱাত উচ্ছেদ কৰা হয় প্ৰায় ১০০ টা ঘৰ। চৰকাৰী ভূমিত বসবাস কৰা প্ৰায় ৯৩টা পৰিয়ালক সেই স্থানৰ পৰা আঁতৰাই পঠিওৱা হৈছে। পুৱা ৫ বজাৰ পৰা চলে এই উচ্ছেদ অভিযান।
কংগ্ৰেছৰ আছাম জাষ্টিচ পৰ্টেল মুকলি
সোমবাৰে আছাম জাষ্টিচ পৰ্টেল মুকলি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। জনসংযোগৰ পোষকতা আৰু ৰাজ্য চৰকাৰক জবাবদিহি কৰাৰ লক্ষ্যৰে এই পৰ্টেল মুকলি কৰিছে প্ৰদেশ কংগ্ৰেছে।
ৰাজ্য়ত কংগ্ৰেছৰ প্ৰতিবাদ
সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গৰুখুঁটিলৈ অনা গীৰ গাই পত্নীৰ পামলৈ অনাৰ অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলটোৱে। বৰপেটাত গৰু লগত লৈ প্ৰতিবাদ কৰে কংগ্ৰেছ কৰ্মীসকলে।
আঠখেলীয়া নামঘৰত মুখ্যমন্ত্ৰী
গোলাঘাটৰ আঠখেলীয়া নামঘৰত আজি সেৱা লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত নাটঘৰটো মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে গোলাঘাটত আজি নৱনিৰ্মিত এক ক্ৰীড়া প্ৰকল্পও মুকলি কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
তেলেংগানাৰ কাৰাখানাত বিস্ফোৰণত নিহত ৮
তেলেংগানাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ছিগাচি কেমিকেল কাৰখানাত সংঘটিত বিস্ফোৰণত প্ৰাণ হেৰুৱায় ৮ জন শ্ৰমিকে। লগতে আহত হয় প্ৰায় ২৬ জন শ্ৰমিক। বিস্ফোৰণৰ পাছতেই জুইয়ে আগুৰি ধৰে কাৰখানাটো।
মণিপুৰত ৪ জনক গুলীয়াই হত্যা
মণিপুৰৰ চুৰাচান্দপুৰত পুনৰ উত্তেজনা। অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছে চাৰিজনকৈ লোকক। দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে বন্দুকধাৰীৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে।
হেৰা ফেৰী ৩ ত অভিনয় কৰিব পৰেশ ৰাৱালে
হেৰা ফেৰী ৩ ত অভিনয় কৰিবলৈ ইচ্ছা প্ৰকাশ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱাল। কিছুদিন পূৰ্বে তেওঁ ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু শেহতীয়াকৈ এক প’ডকাষ্টত তেওঁ ছবিখনত অভিনয় কৰিব বুলি ঘোষণা কৰাৰ লগে লগে ওৰ পৰে সকলো বিতৰ্কৰ।
২ জুলাইত বিদেশ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী
অহা ২ জুলাইত আঠদিনীয়া কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ঘানাৰ লগতে আন চাৰিখন দেশ ভ্ৰমণ কৰিব। তাৰ লগতে ব্ৰিকছ সন্মিলনতো অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে। ৩০ বছৰৰ পাচত ঘানা ভ্ৰমণ কৰিব কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে।