গ্ৰাহকলৈ BSNL- এ আনিছে অনন্য উপহাৰ, বাচিব জেপৰ ধন
মোবাইল ইণ্টাৰনেট সেৱা উন্নত কৰি তোলাৰ সমান্তৰালকৈ BSNL- এ গ্ৰাহকৰ বাবে কম খৰচী ৰিচাৰ্জ প্লেনো লৈ আহিছে। ইতিমধ্যে ১০০ টকাতকৈও কম মূল্যত আনলিমিটেড প্লেন প্ৰৱৰ্তন কৰিছে এই চৰকাৰী কোম্পানীটোৱে। এই প্লেনৰ জৰিয়তে গ্ৰাহকসকলে আনলিমিটেড কল আৰু ডাটাৰ সুবিধা লাভ কৰিব।
চৰকাৰী টেলিকম কোম্পানী BSNL- এ গ্ৰাহকক আকৃষ্ট কৰাৰ লক্ষ্যৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰাহকৰ মাজত কোম্পানীটোৱে নিজৰ স্থিতি অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে কম খৰচী ৰিচাৰ্জ প্লেন আগবঢ়াইছে। BSNL- এ এতিয়া গ্ৰাহকৰ সুবিধা হোৱাকৈ 4G সেৱা উন্নত কৰি তোলাৰ বাবে চেষ্টা চলাইছে। লগতে আন টেলিকম প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰতিযোগিতা কৰিব পৰাকৈ 5G সেৱা সঠিকভাৱে আৰম্ভ কৰাতো গুৰুত্ব আৰোপ কৰিছে কোম্পানীটোৱে।
মোবাইল ইণ্টাৰনেট সেৱা উন্নত কৰি তোলাৰ সমান্তৰালকৈ BSNL- এ গ্ৰাহকৰ বাবে কম খৰচী ৰিচাৰ্জ প্লেনো লৈ আহিছে। ইতিমধ্যে ১০০ টকাতকৈও কম মূল্যত আনলিমিটেড প্লেন প্ৰৱৰ্তন কৰিছে এই চৰকাৰী কোম্পানীটোৱে। এই প্লেনৰ জৰিয়তে গ্ৰাহকসকলে আনলিমিটেড কল আৰু ডাটাৰ সুবিধা লাভ কৰিব। জানো আহক এই বিষয়ে।