শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ডুবাই হৈ ভাৰতলৈ অনাৰ চেষ্টা, বন্দৰত জব্দ পাকিস্তানী কণ্টেইনাৰ

ডুবাই হৈ ভাৰতলৈ অনাৰ চেষ্টা, বন্দৰত জব্দ পাকিস্তানী কণ্টেইনাৰ

raj-saikia
Raj Saikia | Published: 30 Jun 2025 18:39 PM

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে পাকিস্তানৰ পৰা ডুবাই হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা মুঠ ৩৯টা কণ্টেইনাৰ জব্দ কৰিছে। এই কণ্টেইনাৰসমূহত কমেও ৯ কোটি টকাৰ সামগ্ৰী আছিল।

তেওঁলোকৰ প্ৰকৃত দেশ পাকিস্তান। কিন্তু পৰিকল্পনা আছিল পাকিস্তানৰ পৰা সংযুক্ত আৰৱ আমিৰশ্বাহীলৈ গৈ তাৰ পৰা ভাৰতত প্ৰৱেশৰ। এই প্ৰচেষ্টা বিফল কৰিলে ভাৰত চৰকাৰৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে। ভাৰতৰ নৱশেৰা বন্দৰত হাতে-লোটে ধৰা পৰিল পাকিস্তানী কণ্টেইনাৰ।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে পাকিস্তানৰ পৰা ডুবাই হৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা মুঠ ৩৯টা কণ্টেইনাৰ জব্দ কৰিছে। এই কণ্টেইনাৰসমূহত কমেও ৯ কোটি টকাৰ সামগ্ৰী আছিল। ইতিমধ্যে ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই নিষেধাজ্ঞাক আওকাণ কৰি যিবোৰ সামগ্ৰী আমদানি কৰা হৈছিল সেইবোৰ চোৰাংচোৱা সংস্থাই অভিযানৰ জৰিয়তে জব্দ কৰিছিল। এই খবৰ ইতিমধ্যে বিত্ত মন্ত্ৰালয়ে নিশ্চিত কৰিছে।

ভাৰতে পাকিস্তানৰ পৰা সামগ্ৰী আমদানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। বিত্ত মন্ত্ৰালয়ে লগতে কয় যে এটা আমদানিকাৰী কোম্পানীৰ এজন বিষয়াই পাকিস্তানৰ পৰা বক্ৰ পথেৰে সামগ্ৰী আনিবলৈ চেষ্টা কৰাৰ বাবে তেওঁক জিম্মাত লোৱা হৈছে।