TV9 ASSAM
প্ৰায় সকলোৱে কণী খায়। কেতিয়াবা মানুহে সিজোৱা কণী খোৱা দেখা যায়। কিন্তু তাৰ পাছত খোলাটো পেলাই দিয়ে। কিন্তু আপুনি জানেনে, কণীৰ খোলাটোও আপোনাৰ বাবে উপকাৰী হ'ব পাৰে।
বহুতে জানে যে কণীৰ খোলাৰ পৰা সাৰ তৈয়াৰ কৰিব পাৰি। কিন্তু ইয়াৰ বাহিৰেও আপুনি বহু কামত কণীৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। কণীৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানো আহক।
কণীৰ বাকলিৰ সহায়ত আপুনি ছালৰ যত্ন ল'ব পাৰে। আচৰিত হলেও এয়া সঁচা। কণীৰ বাকলি গুড়ি কৰি এটা ফেচ পেক বনাব পাৰে। ই ছালক টান কৰে। ছিদ্ৰবোৰ বন্ধ কৰি ছাল মসৃণ কৰি তোলে।
বাচনত পৰা দাগ আপুনি কণীৰ বাকলিৰ দ্বাৰা নোহোৱা কৰিব পাৰে। বিশেষকৈ কেৰাহীৰ পৰা পোৰা দাগ আঁতৰ কৰাত ই ফলপ্ৰসূ। ইয়াৰোপৰি পাইপত জমা হোৱা মলি ইয়াৰ দ্বাৰা নোহোৱা কৰিব পাৰে।
ই বিষ কমোৱাতো সহায় কৰে। এপল চাইডাৰ ভিনেগাৰ আৰু কণীৰ বাকলিৰ গুড়ি মিহলাই লওক। পাছত সেই মিশ্ৰণ বিষ হোৱা ঠাইত লগাৱত। ইয়াৰ ফলত বিষ আঁতৰ হয়।
কণীৰ বাকলি ব্যৱহাৰ কৰি পোক-পৰুৱাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াক গুড়ি কৰি কোঠাৰ এটা চুকত ৰাখিব লাগে। ইয়াৰ ফলত ঘৰৰ পৰা সৰু সৰু পোক-পৰুৱাসমূহ আঁতৰ হ'ব।
কণীৰ বাকলি ভালদৰে গুড়ি কৰি চৰাইৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে। কণীৰ বাকলিত থকা কেলচিয়াম চৰাইৰ স্বাস্থ্যৰ বাবে উপকাৰী।
পঢ়িবলৈ ক্লিক কৰক