মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? জানক সকলো...

30 june 2025

TV9 ASSAM

কোনো লোকৰ মৃত্যু হ'লে সেই লোকজনৰ আত্মীয়ই তেওঁৰ আত্মাৰ সদগতিৰ বাবে বিভিন্ন নীতি নিয়ম পালন কৰে। কেইবাদিন ধৰি চলা নিয়মৰ অন্তত আত্মীয়, ওচৰ-চুবুৰীয়াক মাতি ভোজৰ আয়োজন কৰে ।

মৃতকৰ ভোজ

কিন্তু বহু সময়ত মানুহে মৃতকৰ ভোজ খাবলৈ কুণ্ঠাবোধ কৰে।  কিন্তু প্ৰশ্ন হয়, মৃত ব্যক্তিৰ নামত ভোজ খোৱা ভাল নে বেয়া? এই প্ৰশ্নৰ উত্তৰ দিলে বৃন্দাবনৰ জনপ্ৰিয় বাবা প্ৰেমানন্দ মহাৰাজে।

ভোজ

প্ৰেমানন্দ মহাৰাজে কয় যে, মৃত্যু ভোজ খোৱা কোনো অপৰাধ নহয়। এয়া খোৱাৰ ফলত কাৰো পাপ নহয়। এনে নহয় যে, ভোজ খোৱাৰ বাবে আপোনাৰ পুণ্য নষ্ট হ'ব।

কি ক'লে

যদি আপুনি কাৰোবাৰ মৃত্যু ভোজ খাবলৈ যায় তেন্তে সেই সময়ত তেওঁৰ নাম জপ কৰিব পাৰিলে আৰু ভাল। নাম জপ কৰি ভোজন কৰিব পাৰে।  এনে কৰিলে আপোনাৰ পুণ্য দুগুণ হ'ব।

কি কৰিব

প্ৰেমানন্দ মহাৰাজে লগতে কয় যে, মৃতকৰ ভোজ খোৱা অপৰাধ নহয়। কিন্তু যেতিয়া কোনোৱে জীৱ-জন্তুৰ মাংস খাই বা কাৰোবাৰ এটা অংশ চুৰি কৰে তেন্তে সেয়া পাপ।

আৰু কি কয়

প্ৰেমানন্দ মহাৰাজে কয় যে, যেতিয়া কোনো ব্যক্তিৰ মৃত ভোজ আয়োজন কৰা হয় তেতিয়া তালৈকে যাব লাগে। ইয়াৰ ফলত পুণ্য প্ৰাপ্তি হয়। এনে কৰিলে জীৱনত মংগল হয়।

যাব লাগে

মহাৰাজে কয়, যি মানুহক আপুনি বেয়া বা পাপী বুলি জানে তেনে মানুহৰ মৃত্যু ভোজ খাব নালাগে। যদি কেতিয়াবা যাবলগীয়া হয় তেন্তে ভোজ খোৱাৰ সময়ত সেই লোকজনৰ নাম জপ কৰিব লাগে।

পাপী লোক

পঢ়িবলৈ ক্লিক কৰক 

ধনী হোৱাৰ উপায়