30 June 2025
TV9 ASSAM
Photos Credit: Getty Images
আপোনাৰ গেছৰ সমস্যা আছে নেকি? প্ৰায়ে যদি গেছৰ সমস্যা হৈ থাকে তেন্তে উপশম পোৱাৰ উপায় কি জানক।
গ্ৰীষ্মকালত শৰীৰটো শীতল কৰি ৰাখিবলৈ আৰু গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ কিছুমান ফল খাব পাৰে।
গৰমৰ দিনত গেছৰ সমস্যা হ'লে পকা অমিতা খাব পাৰে। ই পাচনত সহায় কৰাৰ লগতে গেছৰ সমস্যা দূৰ কৰাত সহায় কৰিব।
কল খাব পাৰে। কলত থকা আঁহে গেছ নিয়ন্ত্ৰণ কৰাৰ লগতে বদহজম ৰোধ কৰাত সহায় কৰে।
তৰমুজ খাব পাৰে। ইয়াত থকা আঁহে খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে গেছৰ সমস্যা ৰোধ কৰাত সহায় কৰে।
আপেল খাব পাৰে। আপেলত থকা আঁহে পেট পৰিষ্কাৰ কৰাৰ লগতে কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰাত সহায় কৰে।
আনাৰসত থকা ব্ৰ'মেলিন এনজাইমে খাদ্য পাচনত সহায় কৰাৰ লগতে গেছ হ্ৰাস কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক