শুকান কাহৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়

30 June 2025

TV9 ASSAM

Photos Credit: Getty Images

গ্ৰীষ্ম বা শীতকাল, বছৰৰ সকলো সময়তে মানুহৰ শুকান কাহ হোৱা দেখা যায়। ৰাতি বা ৰাতিপুৱাৰ সময়ত এই সমস্যাই অধিক আমনি কৰে।

শুকান কাহ

ঔষধ খোৱাৰ পাছতো যদি এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা নাই তেন্তে কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে।

ঘৰুৱা উপায়

শুকান কাহৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায় কি? এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক।

উপশম

শুকান কাহৰ পৰা উপশম পাবলৈ মৌ ৰস খাব পাৰে। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এচামুচ মৌ ৰস খালে শুকান কাহৰ পৰা পৰিত্ৰাণ পাব।

মৌ ৰস

এগিলাচ পানীৰ লগত মৌ ৰস মিহলাই খাব পাৰে। খালী পেটত সেৱন কৰিলে সুফল লাভ কৰিব। মৌ ৰস গৰম কৰা পাছত ঠাণ্ডা কৰি লঙৰ গুড়ি মিহলাই খাব পাৰে।

লঙৰ গুড়ি মিহলাই

ঘিউত দুটামান নহৰু গৰম কৰি গৰম ভাতৰ লগত খালে শুকান কাহৰ পৰা বহু পৰিমাণে সকাহ পাব।

নহৰু

সকলোৱে জানে যে, আদাই চৰ্দি আৰু কাহ কমোৱাত সহায় কৰে। চাহৰ সলনি যদি কফিৰ লগত আদা মিহলাই খালে অধিক উপকাৰ পোৱা যাব বুলি বিশেষজ্ঞসকলে কয়।

কফিৰ লগত আদা

পঢ়িবলৈ ক্লিক কৰক

কোনবোৰ ফলে তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে?