চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু উত্তৰ-পূব! অসমৰ ৰাষ্ট্রীয় ঘাইপথত যুদ্ধ বিমানৰ জৰুৰী অৱতৰণৰ প্ৰস্তুতি….
উত্তৰ-পূবৰ ৰাজ্যসমূহক আৰু অধিক কৌশলগতভাৱে শক্তিশালী কৰাৰ বাবে বৃহৎ প্রস্তুতি আৰম্ভ কৰিছে ভাৰতে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমান জৰুৰীকালীন অৱতৰণৰ প্ৰস্তুতি চলোৱা হৈছে। আমি অক্টোবৰৰ ভিতৰত এই সুবিধা আৰম্ভ কৰিব বিচাৰো।"

সীমান্তত অহৰহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ভাৰত। ইয়াৰ মাজত কেৱল পাকিস্তানে নহয় চীনৰ পৰাও আহিছে কঠোৰ প্ৰত্যাহ্বান। ইফালে ক্ৰমবৰ্ধমান প্ৰত্যাহ্বানৰ মাজত নিজকে উন্নীতকৰণৰ কামত নিয়োজিত হৈ আছে ভাৰতীয় সেনা। বাংলাদেশৰ সৈতে অৱনতি ঘটা সম্পৰ্ক আৰু চীনৰ কুৎসিত উদ্দেশ্যৰ পৰিপ্ৰেক্ষিতত ভাৰত এতিয়া উত্তৰ-পূবৰ ৰাজ্যসমূহত নিজৰ কৌশলগত স্থিতি সুদৃঢ় কৰাৰ কামত ব্যস্ত হৈ পৰিছে।
শত্ৰুৰ সৈতে মোকাবিলা কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহক আৰু অধিক কৌশলগতভাৱে শক্তিশালী কৰাৰ বাবে বৃহৎ প্রস্তুতি আৰম্ভ কৰিছে ভাৰতে ৷ উত্তৰ-পূবত চীন আৰু বাংলাদেশৰ যুগলবন্দীৰ সৈতে মোকাবিলা কৰিবলৈ নিজৰ সীমান্ত শক্তিশালী কৰিছে ভাৰতে। অসমত ডিমৌ-মৰাণ ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত জৰুৰী অৱস্থাত সামৰিক আৰু অসামৰিক বিমান উৰণ আৰু অৱতৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বিশেষভাৱে ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটী। যিটো উত্তৰ-পূবৰ ভিতৰতে প্ৰথম৷
দেশৰ সীমান্ত সুৰক্ষিত ৰখা আৰু যিকোনো আকস্মিক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বিশেষ পৰিকল্পনাৰ অধীনত পোনপটীয়াকৈ দেখা গৈছে ভাৰতীয় সেনাৰ এই প্ৰস্তুতি । ইয়াৰ এক অংশ হিচাপে ডিব্ৰুগড়ৰ সমীপৱৰ্তী মৰাণৰ পৰা নুমলীগড়লৈ প্ৰায় ৪.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ সুখয়-৩০ আৰু ৰাফেলৰ দৰে যুদ্ধ বিমানৰ জৰুৰী অৱতৰণৰ বাবে সাজু কৰা হ’ব।
এই প্রস্তুতি সন্দর্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কয়, “ৰাষ্ট্রীয় ঘাইপথত যুদ্ধ বিমান জৰুৰীকালীন অৱতৰণৰ প্রস্তুতি কৰা হৈছে। আমি অক্টোবৰৰ ভিতৰত এই সুবিধা আৰম্ভ কৰিব বিচাৰিছো। ভাৰতীয় বায়ুসেনাৰ বিষয়াসকলে অহৰহ নিৰীক্ষণ কৰি আছে আৰু এই সন্দৰ্ভত দ্ৰুত গতিত কাম চলি আছে।”
What you are seeing in this picture is not just a highway; it is North East’s first Emergency Landing Facility 🛬
📍 Moran, Assam pic.twitter.com/nNsYvtw4ax
— Himanta Biswa Sarma (@himantabiswa) June 29, 2025
উত্তৰ-পূবত চীন গতি বিধিৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তৰ সমীপৰ উত্তৰ-পূৰ্বত এনে প্ৰস্তুতি কৌশলগত দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। অৰুণাচল প্ৰদেশৰ সৈতে চীনৰ দীঘলীয়া সীমান্ত আৰু চীনৰ নিত্য বৃদ্ধি পোৱা কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত এতিয়া আন্তঃগাঁথনিৰ জৰিয়তে নিজৰ কৌশলগত দিশসমূহ শক্তিশালী কৰাৰ ওপৰত কাম কৰি আছে ভাৰতে।
এনেদৰে প্ৰস্তুতি চলোৱা হৈছে যে প্ৰয়োজন হ’লে কেৱল যুদ্ধ বিমানেই নহয়, অসামৰিক বিমানেও এই ঘাইপথত অৱতৰণ কৰিব পাৰে। ইয়াৰ উপৰিও আন ২ টাকৈ স্থান, নামনি অসমৰ বৰমা-টিহু আৰু নগাঁও-লামডিঙৰ মাজত একেধৰণৰ ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰস্তুতিৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এই পদক্ষেপে অসমৰ পথ আন্তঃগাঁথনিলৈ নতুন উচ্চতা প্ৰদান কৰিব আৰু সীমান্তৱৰ্তী অঞ্চলসমূহৰ নিৰাপত্তাও শক্তিশালী কৰিব। চীনৰ প্ৰত্যাহ্বানৰ মাজত কৌশলগত দৃষ্টিকোণৰ পৰা এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ।”