শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বজাৰত খলকনি তুলিবলৈ সাজু! একত্ৰিত হ'ল আদানী-আম্বানী...

বজাৰত খলকনি তুলিবলৈ সাজু! একত্ৰিত হ’ল আদানী-আম্বানী…

barasha-sarma
Barasha Sarma | Published: 30 Jun 2025 19:54 PM

গৌতম আদানীৰ কোম্পানী আদানী টোটেল গেছ লিমিটেড আৰু মুকেশ আম্বানীৰ জিঅ’ বি পিয়ে দেশৰ শক্তি বজাৰত খলকনি তুলিবলৈ এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে।

মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজত দেশত পেট্ৰল-ডিজেলৰ মজুতক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল। এই সন্দৰ্ভত বৰ্তমান কোনো চিন্তা নাই যদিও  পেট্ৰলিয়াম গেছক লৈ চৰকাৰৰ উদ্বেগ বৃদ্ধি পাইছে। কিয়নো দেশত গেছৰ মজুত অতি কম, গতিকে কেন্দ্ৰ চিন্তিত হোৱা সাধাৰণ কথা।   কিন্তু এতিয়া যে এই সমস্যাৰ অন্ত পৰিব। কিয়নো মুকেশ আম্বানী আৰু গৌতম আদানীয়ে মিলি এক ডাঙৰ কাম কৰিছে।

জানিব পৰা মতে, গৌতম আদানীৰ কোম্পানী আদানী টোটেল গেছ লিমিটেড আৰু মুকেশ আম্বানীৰ জিঅ’ বি পিয়ে দেশৰ শক্তি বজাৰত খলকনি তুলিবলৈ এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে। এক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই চুক্তি অনুসৰি জিঅ’ বি পিৰ পেট্ৰ’ল আৰু ডিজেল আদানী টোটেল গেছৰ আউটলেটৰ পৰা বিক্ৰী কৰা হ’ব। আনহাতে, আদানী টোটেল গেছৰ চিএনজিকে ধৰি সকলো সামগ্ৰী জিঅ’ বিপিৰ পেট্ৰ’ল পাম্পত উপলব্ধ হ’ব।

আদানী গ্ৰুপ আৰু ফ্ৰান্সৰ কোম্পানী টোটেল গেছৰ যৌথ উদ্যোগ আদানী টোটেল গেছ লিমিটেডে ঘৰুৱা, উদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক প্ৰাকৃতিক গেছ যোগান ধৰে। ইয়াৰ উপৰিও কোম্পানীটোৱে কম্প্ৰেছড বায়’গেছ আৰু ইভি চাৰ্জিং সেৱাও আগবঢ়ায়।

আনহাতে ব্ৰিটিছ পেট্ৰলিয়াম আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ যৌথ উদ্যোগ জিঅ’ বিপিয়ে দেশৰ বিভিন্ন প্ৰান্তত অৱস্থিত পেট্ৰ’ল পাম্পৰ পৰা পেট্ৰ’ল আৰু ডিজেল বিক্ৰী কৰি ইভি চাৰ্জিং সেৱা আগবঢ়ায়। গতিকে আম্বানী আৰু আদানী লগ হোৱাৰ পাছত ইন্ধনৰ সমস্যা কিছু কম হ’ব বুলি ক’ব পাৰি।