টিকট বুকিঙৰ পৰা ৱেইটিং লিষ্টলৈ, আজিৰ পৰা সলনি হ’ব ৰে’লৱেৰ বহু নিয়মঃ জানি লওক এতিয়াই
দেশজুৰি আজিৰ পৰা ৰে’লৱেত পূৰ্বৰ বহু নিয়ম সলনি হ’ব আৰু নতুন নিয়ম প্ৰৱৰ্তন হ’ব। যদি দেশৰ অধিকাংশ লোকৰ দৰেই ভ্ৰমণৰ বাবে সততে ৰে’লক অগ্ৰাধিকাৰ দিয়ে, তেতিয়াহ’লে এই খবৰ আপোনাৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।

ভাৰতত ৰে’লৱে ব্যৱস্থা আটাইতকৈ ব্যৱহৃত পৰিবহণ মাধ্যম হিচাপে বিবেচিত হৈ আহিছে। সুচল আৰু সহজলভ্য হোৱাৰ বাবে দেশৰ অধিকাংশ লোকেই ৰে’ল যাত্ৰাক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হয়। দেশত গড় হিচাপত প্ৰতিদিনে প্ৰায় ২ কোটি ২০ লাখ লোকে ৰে’লযোগে যাত্ৰা কৰে। গতিকে ৰে’লৱেৰ নিয়ম-প্ৰণালী সম্পৰ্কে যাত্ৰীসকল জ্ঞাত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। দেশজুৰি আজিৰ পৰা ৰে’লৱেত পূৰ্বৰ বহু নিয়ম সলনি হ’ব আৰু নতুন নিয়ম প্ৰৱৰ্তন হ’ব। যদি দেশৰ অধিকাংশ লোকৰ দৰেই ভ্ৰমণৰ বাবে সততে ৰে’লক অগ্ৰাধিকাৰ দিয়ে, তেতিয়াহ’লে এই খবৰ আপোনাৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।
ৰে’লৱেত প্ৰতিদিনে যাত্ৰা কৰা লোকসকলৰ ভিতৰত প্ৰায় ১৬ লাখ যাত্ৰীয়ে সংৰক্ষিত শ্লিপাৰ বা এচি ডবাত ৰিজাৰ্ভচন টিকটসহ যাত্ৰা কৰে। পিছে টিকট বুকিং কৰাৰ পিছত গড়ে ২১% যাত্ৰীয়ে টিকট বাতিল কৰা পৰিলক্ষিত হয়। একেদৰে প্ৰায় ৪-৫% যাত্ৰী টিকট বুকিং কৰাৰ পিছতো ৰে’লত যাত্ৰা নকৰে। আনহাতে ৱেটিং লিষ্টত থকা ২৫% লোকৰ টিকট ভ্ৰমণৰ সময়ৰ ভিতৰত নিশ্চিত হৈ পৰে। অৰ্থাৎ ৭২খন আসন থকা এটা শ্লিপাৰ ডবাত ৱেইটিং লিষ্টৰ পৰা প্ৰায় ১৮খন আসন নিশ্চিত কৰিব পৰা যায়।
এতিয়া টিকট বুকিঙৰ পৰা আৰম্ভ কৰি ৱেইটিং লিষ্টলৈকে ৰে’লৱেত বহু নিয়ম আজিৰ পৰা সলনি হ’ব। আজি ১ জুলাইৰ পৰা যিসকল লোকৰ IRCTC একাউণ্ট আধাৰৰ সৈতে লিংক হৈ আছে বা আধাৰৰ সৈতে ভেৰিফাইড আছে, তেওঁলোকেহে টিকট বুকিং কৰিব পাৰিব। অৰ্থাৎ কেৱল পৰীক্ষিত ব্যৱহাৰকাৰীয়েহে IRCTCৰ ৱেবছাইট বা মোবাইল এপৰ পৰা টিকট বুকিং কৰিব পাৰিব। ইয়াৰ উপৰিও জুলাই মাহৰ শেষৰ ফালে অ’টিপি ভিত্তিক ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।
এইদৰে যেতিয়া কোনো যাত্ৰীয়ে তেওঁৰ ভেৰিফাইড একাউণ্টৰ পৰা টিকট বুকিং কৰিব, তেতিয়া আধাৰ লিংকড অ’টিপিৰ জৰিয়তেহে টিকট বুকিং কৰা হ’ব। ইফালে ৰে’লৱেই উল্লেখ কৰা মতে বৰ্তমান সময়ত বহু ৰে’লৰ ক্ষেত্ৰত ৱেইটিং লিষ্টত থকা যাত্ৰীৰ সংখ্যা প্ৰায় ৪০০ গৰাকীলৈও বৃদ্ধি পায়। এনে পৰিস্থিতিত ৰে’লখনৰ টিকটৰ বাবে যাত্ৰীসকলৰ মাজত কিছু অসুবিধাৰ সৃষ্টি হয়।
বৰ্তমান প্ৰচলিত হৈ থকা নিয়ম অনুসৰি যাত্ৰাৰ ৪ ঘণ্টা পূৰ্বে ৰিজাৰ্ভেচন চাৰ্ট আপডেট কৰা হয় আৰু তেতিয়াহে ৱেইটিং লিষ্টত থকা যাত্ৰীসকলে টিকট নিশ্চিত হৈছে নে নাই জানিব পাৰে। এতিয়া নতুন নিয়ম অনুসৰি ৪ ঘণ্টাৰ পৰিৱৰ্তে ৮ ঘণ্টা পূৰ্বে ৰে’লৰ ৰিজাৰ্ভেচন চাৰ্ট আপডেট কৰা হ’ব। এইদৰে যাত্ৰীসকলে ৮ ঘণ্টা পূৰ্বেই টিকট কনফাৰ্ম হৈছে নে নাই জানিব পাৰিব। ৰে’ল মন্ত্ৰীয়ে ইতিমধ্যে ৮ ঘন্টা আগতীয়াকৈ চাৰ্ট প্ৰস্তুত কৰাৰ প্ৰস্তাৱক সেউজ সংকেত দিছে।
এই নতুন নিয়ম পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। প্ৰথম অৱস্থাত এই নিয়ম কিছুমান বিশেষ ৰে’লত কাৰ্যকৰী কৰা হ’ব আৰু পিছলৈ সকলো ৰে’লত এই নিয়ম প্ৰযোজ্য হ’ব। বুকিং কৰাৰ সময়ত যিসকল লোকে ৱেইটিং টিকট লাভ কৰে, তেওঁলোকে স্বাভাৱিকতেই এই নিয়মৰ দ্বাৰা সকাহ লাভ কৰিব। এনে যাত্ৰীসকলে এতিয়া যাত্ৰাৰ সময়ৰ ৮ ঘণ্টা পূৰ্বে টিকট নিশ্চিতকৰণৰ তথ্য লাভ কৰিব।
এই ৱেইটিং লিষ্টত থকা যাত্ৰীসকলৰ সুবিধা হোৱাকৈ অৰ্থাৎ তেওঁলোকে যাতে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ সময় পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লৱেই নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। বিশেষকৈ যিসকল লোকে দূৰৈৰ অঞ্চলৰ পৰা ৰে’লযোগে যাত্ৰা কৰিবলৈ ষ্টেচনত উপস্থিত হয়, তেওঁলোক এই নতুন নিয়মৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব। ভিভিআইপি কোটাও এই নতুন নিয়মৰ অন্তৰ্ভুক্ত হ’ব। অৰ্থাৎ ভিভিআইপি কোটাৰ তালিকাও ৮ ঘণ্টা পূৰ্বে চাৰ্টত অন্তৰ্ভুক্ত কৰা হ’ব।
সাধাৰণতে ভিভিআইপি কোটাৰ আসন যদি শেষ মুহূৰ্তলৈকে খালী হৈ থাকে, তেতিয়া জৰুৰীকালীন পৰিস্থিতিত যাত্ৰা কৰা সাধাৰণ লোকৰ বাবেও সেই আসনসমূহ ব্যৱহাৰ কৰিব পৰা যাব। বৰ্তমান টিকট চাৰ্ট সম্পৰ্কে নতুন তথ্য অনুসৰি যদি ৰে’লখনৰ যাত্ৰাৰ সময় দুপৰীয়া ২ বজা বা তাৰ পূৰ্বে হয়, তেতিয়া আগদিনা নিশা ৯ বজাত চাৰ্ট প্ৰস্তুত কৰা হ’ব। আনহাতে যদি ৰে’লখনৰ যাত্ৰাৰ সময় দুপৰীয়া ২ বজাৰ পিছত হয়, তেতিয়া ৰে’ল যাত্ৰাৰ ৮ ঘণ্টা পূৰ্বে চাৰ্ট প্ৰস্তুত কৰা হ’ব।
টিকটৰ চাৰ্টৰ বাহিৰেও ৰে’লৱে যাত্ৰীসকলৰ বাবে কিছুমান নতুন পৰিৱৰ্তন দেখা যাব। ৰে’লৱেৰ তথ্য মতে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত ৰে’লৱেই নতুন যাত্ৰী সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে, ইয়াৰ দ্বাৰা টিকট বুকিং বৰ্তমানৰ তুলনাত ৫ গুণ অধিক দ্ৰুত হ’ব। বৰ্তমান এক মিনিটত ৩২ হাজাৰ টিকট বুকিং হয় যদিও নতুন ব্যৱস্থাৰ জৰিয়তে ১ মিনিটত ১.৫ লাখ টিকট বুকিং হ’ব। নতুন যাত্ৰী সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে সহজে বিভিন্ন ভাষাত টিকট বুকিং কৰিব পৰা যাব।