শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ঐক্য-সম্প্ৰীতি সুদূৰপৰাহত! বুলড’জাৰ লগাই মন্দিৰ ভাঙিলে বাংলাদেশ চৰকাৰে

ঐক্য-সম্প্ৰীতি সুদূৰপৰাহত! বুলড’জাৰ লগাই মন্দিৰ ভাঙিলে বাংলাদেশ চৰকাৰে

monjit-dutta
Monjit Dutta | Updated On: 30 Jun 2025 11:44 AM

মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বৃহস্পতিবাৰে ঢাকাৰ খিলখেট অঞ্চলৰ দুৰ্গা মন্দিৰ বুলডজাৰেৰে ভাঙি পেলায়। ইয়াৰ পিছত শুকুৰবাৰে বাংলাদেশে ৰে’লপথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা দোকান-মন্দিৰ এইদৰে ভাঙি পেলোৱা হৈছে বুলি নিজৰ চাফাই দিয়ে।

মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বৃহস্পতিবাৰে ঢাকাৰ খিলখেট অঞ্চলৰ দুৰ্গা মন্দিৰ বুলডজাৰেৰে ভাঙি পেলায়। স্থানীয় হিন্দু বাসিন্দাসকলে এনে কাৰ্যৰ প্ৰতিবাদ কৰিলেও আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে আঁতৰাই পেলায়। ইউনুছ চৰকাৰৰ এই কাৰ্যক ভাৰত চৰকাৰে তীব্ৰ গৰিহণা দিয়াৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰে আগবঢ়াইছে নিজৰ মন্তব্য। ইয়াৰ পিছত শুকুৰবাৰে বাংলাদেশে ৰে’লপথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা দোকান-মন্দিৰ এইদৰে ভাঙি পেলোৱা হৈছে বুলি নিজৰ চাফাই দিয়ে।

মন্দিৰকেইটা ভঙাৰ পূৰ্বে ওচৰৰ এখন নদীত মূৰ্তি বিসৰ্জন কৰা হৈছিল বুলিও বাংলাদেশ চৰকাৰে উল্লেখ কৰে। বাংলাদেশ প্ৰশাসনে নিজৰ চাফাইৰ নামত এনে মন্তব্য কৰিলেও পিছে প্ৰকাশিত ছবিত মিথ্যাচাৰিতা হে প্ৰকাশ পাইছে।