শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডিজিটেলি বিৰোধীৰ ভূমিকা পালন কৰিব কংগ্ৰেছে, মুকলি কৰিলে “আছাম জাষ্টিচ প’ৰ্টেল”…

"আছাম জাষ্টিচ প'ৰ্টেল" (Assam Justice Portal) য়ে কেনেদৰে কাম কৰিব? দলটোৰ জনসংযোগ বৃদ্ধিৰ লগতে ৰাজ্য চৰকাৰক জবাবদিহি কৰাৰ লক্ষ্যৰে ৩০ জুন সোমবাৰে এই পৰ্টেলটো মুকলি কৰে প্ৰদেশ কংগ্ৰেছে।

ডিজিটেলি বিৰোধীৰ ভূমিকা পালন কৰিব কংগ্ৰেছে, মুকলি কৰিলে “আছাম জাষ্টিচ প’ৰ্টেল”…
অসম প্ৰদেশ কংগ্ৰেছে মুকলি কৰিছে "অসম ন্যায় পৰ্টেল"
manas-borah
Manas Borah | Published: 30 Jun 2025 18:48 PM

অসম প্ৰদেশ কংগ্ৰেছে মুকলি কৰিলে “আছাম জাষ্টিচ প’ৰ্টেল” (Assam Justice Portal)। দলটোৰ জনসংযোগ বৃদ্ধিৰ লগতে ৰাজ্য চৰকাৰক জবাবদিহি কৰাৰ লক্ষ্যৰে ৩০ জুন সোমবাৰে এই পৰ্টেলটো মুকলি কৰে প্ৰদেশ কংগ্ৰেছে। কোৱা হৈছে যে, শাসন ব্যৱস্থাৰ অভাৱ-অভিযোগৰ নথিভুক্তকৰণ আৰু জনসাধাৰণৰ অভাৱ-অভিযোগৰ সমাধানৰ বাবে প্ৰদেশ কংগ্ৰেছে মুকলি কৰিছে ডিজিটেল মঞ্চ “আছাম জাষ্টিচ প’ৰ্টেল”।

এই উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই পদক্ষেপ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁৰ সৈতে বিধায়ক জাকিৰ হুছেইন শিকদাৰ, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।

সূত্ৰৰ খবৰ অনুসৰি, এই প’ৰ্টেলটোৰ লক্ষ্য হৈছে সমগ্ৰ অসমৰ লোকসকলক ৰাজহুৱা সেৱা আৰু প্ৰশাসনৰ সৈতে জড়িত তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰিবলৈ সুবিধা প্ৰদান কৰা। ইয়াত জনস্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহৰ শাসন ব্যৱস্থাৰ ত্ৰুটিলৈকে বহুতো বিষয় সামৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়, “আছাম জাষ্টিচ প’ৰ্টেল বিৰোধীক দায়বদ্ধ কৰাৰ দিশত এক পদক্ষেপ। ই জনসাধাৰণক মত প্ৰকাশত সহায় কৰিব আৰু সমস্যা সমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি প্ৰত্যক্ষভাৱে আকৰ্ষণ কৰিব। আমি স্বচ্ছ আৰু জবাবদিহি শাসন ব্যৱস্থাত বিশ্বাস কৰোঁ আৰু এই মঞ্চ সেই দৃষ্টিভংগীৰ প্ৰতিফলন।”

কংগ্ৰেছ নেতৃত্বৰ মতে, নাগৰিকে প’ৰ্টেলত অভিযোগ দাখিল কৰিব পাৰিব, তাৰ পিছত সেইবোৰ মূল্যায়ন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট চৰকাৰী বিভাগলৈ প্ৰেৰণ কৰা হ’ব। দলটো নেতৃত্বই উল্লেখ কৰা মতে, এই পদক্ষেপে বাস্তৱতাক নথিভুক্ত কৰাৰ ব্যৱস্থা হিচাপেও কাম কৰিব।