শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
কংগ্ৰেছৰ প্ৰতিবাদৰ পৰা তেলেংগানাৰ কাৰখানা বিস্ফোৰণলৈ দিনটোৰ শীৰ্ষ খবৰ

কংগ্ৰেছৰ প্ৰতিবাদৰ পৰা তেলেংগানাৰ কাৰখানা বিস্ফোৰণলৈ দিনটোৰ শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 30 Jun 2025 22:34 PM

নলবাৰীত সোমবাৰে পুৱা উচ্ছেদ অভিযান চলাই প্ৰশাসনে। বকৰীকুছি আৰু মুকালমুৱাত উচ্ছেদ কৰা হয় প্ৰায় ১০০ টা ঘৰ। ইফালে, আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত নাটঘৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ।

দেওবাৰে নিশাৰ নিস্তব্ধ ভেদি গৰজি উঠিল অসম আৰক্ষীৰ বন্দুকে। বোকাখাতৰ CRPF কেম্পৰ সমীপত সংঘটিত গ্ৰেণেড বিস্ফোৰণ সৈতে জড়িত দুই অভিযুক্ত আহত হয় আৰক্ষীৰ গুলীত। লুকুৱাই থোৱা পিস্তল উদ্ধাৰৰ বাবে লৈ যোৱা সময়তে আৰক্ষীলৈ গুলী চালনা কৰে দুই অভিযুক্তই। আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত আহত হয় অভিযুক্তদ্বয়।

নলবাৰীত সোমবাৰে পুৱা উচ্ছেদ অভিযান চলাই প্ৰশাসনে। বকৰীকুছি আৰু মুকালমুৱাত উচ্ছেদ কৰা হয় প্ৰায় ১০০ টা ঘৰ। চৰকাৰী ভূমিত বসবাস কৰা প্ৰায় ৯৩টা পৰিয়ালক সেই স্থানৰ পৰা আঁতৰাই পঠিওৱা হৈছে। পুৱা ৫ বজাৰ পৰা চলে এই উচ্ছেদ অভিযান।

সোমবাৰে আছাম জাষ্টিচ পৰ্টেল মুকলি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। জনসংযোগৰ পোষকতা আৰু ৰাজ্য চৰকাৰক জবাবদিহি কৰাৰ লক্ষ্যৰে এই পৰ্টেল মুকলি কৰিছে প্ৰদেশ কংগ্ৰেছে।

সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে। মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গৰুখুঁটিলৈ অনা গীৰ গাই পত্নীৰ পামলৈ অনাৰ অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলটোৱে। বৰপেটাত গৰু লগত লৈ প্ৰতিবাদ কৰে কংগ্ৰেছ কৰ্মীসকলে।

ইয়াৰ লগতে চাওক দিনটোৰ ৯ টা গুৰুত্বপূৰ্ণ খবৰ…