শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আৰু অপেক্ষা কৰিব নালাগে! যাত্ৰীৰ সুবিধাৰ্থে ৱেইটিং লিষ্টৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন ৰে'লৱেৰ

আৰু অপেক্ষা কৰিব নালাগে! যাত্ৰীৰ সুবিধাৰ্থে ৱেইটিং লিষ্টৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন ৰে’লৱেৰ

Trishna Kalita
Trishna Kalita | Published: 30 Jun 2025 21:24 PM

স্বাভাৱিকতে দীৰ্ঘ দূৰত্বৰ যাত্ৰাত ৰে'লৰ টিকট কিনাৰ পিছত মনত এটা সন্দেহ সদায় থাকে। সেয়া হ'ল নিশ্চিত আসন পাব নে নাপাব? ৱেইটিং লিষ্টত থকাসকলৰ ক্ষেত্ৰত এই চিন্তা বেছি। বহু সময়ত দেখা যায় যে তালিকা নোহোৱালৈকে প্ৰস্তুত যাত্ৰীৰ নাম ৱেটিং লিষ্টত থাকে।

ভাৰতীয় ৰে’লৱেৰ আন এক ডাঙৰ সিদ্ধান্ত। ৰে’লৰ আসনৰ এতিয়াৰে পৰা যাত্ৰীসকলে অধিক সময় অপেক্ষা কৰিব নালাগে । ৱেইটিং টিকট ক্ৰয় কৰা যাত্ৰীসকলৰ সুবিধাৰ বাবে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে দেওবাৰে এই ঘোষণা কৰে। সাধাৰণতে ৰে’ল মন্ত্ৰালয়ে ৰে’ল যাত্ৰাৰ ৪ ঘণ্টা আগতেই এই তালিকা প্ৰকাশ কৰে। সেই আধাৰত ৰৈ থকাসকলক  আসন দিয়া হয়। কিন্তু আসন উপলব্ধ নাথাকিলে কৰ্তৃপক্ষই টিকটো বাতিল কৰি টকা ঘূৰাই দিয়ে। তাৰ পিছত আসন নোপোৱা যাত্ৰীসকলে কেনেকৈ যাত্ৰা কৰিব বুলি ভাবি চিন্তিত হৈ পৰে। অৱশেষত সেই সমস্যাৰ অন্ত পৰিল।

এতিয়াৰে পৰা যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে’ল মন্ত্ৰালয়ে ৪ ঘণ্টাৰ পৰিৱৰ্তে ৰে’ল যাত্ৰাৰ ৮ ঘণ্টা পূৰ্বে প্ৰকাশ কৰিব এই তালিকা। অৰ্থাৎ সেই ৰে’লত কোনোবাই যদি আসন নাপায় তেন্তে অন্ততঃ বিকল্প পথ লোৱাৰ সুযোগ পাব।  যাত্ৰীসকলৰ কথা ভাবি কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নতুন নিয়ম প্ৰৱৰ্তন কৰে। সেই অনুসৰি যদি দুপৰীয়া ২ বজাত আপোনাৰ ৰে’ল আছে। এতিয়াৰ পৰা আপুনি ৰে’ল যাত্ৰাৰ আগদিনা নিশা প্ৰায় ৯ বজাৰ ভিতৰত চিট লিষ্টৰ তথ্য লাভ কৰিব।