বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে অসমে, উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা হিংসাৰ প্ৰতি লক্ষ্য ৰাখি অসম “হাই এলাৰ্ট”ত আছে বুলি সোমবাৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত অশান্তিৰ নতুন জোৱাৰ দেখা গৈছে।
চুবুৰীয়া বাংলাদেশত শেহতীয়াকৈ সৃষ্টি হোৱা উদ্বেগজনক পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে অসম চৰকাৰে। ইয়াৰ লগতে সীমান্তত সতৰ্কতা বৃদ্ধি কৰা হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা হিংসাৰ প্ৰতি লক্ষ্য ৰাখি অসম “হাই এলাৰ্ট”ত আছে বুলি সোমবাৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত দিয়া পোষ্টত তেওঁ কয়, “বাংলাদেশত যি হৈছে তাক গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰি আছোঁ৷ আমি সকলোৱে জানো যে, বাংলাদেশৰ পৰা ভিন্ন সময়ত অহা মানুহেৰে আমাৰ অসমখন ভৰি আছে৷ আমি এই বিষয়টোৰ ওপৰত চোকা দৃষ্টি ৰাখিছোঁ৷ আমি প্ৰত্যেকে সচেতন হ’ব লাগিব৷”
ইফালে, সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। তেওঁ কয়,”আমি দেখিছো যে বাংলাদেশত হিন্দুসকলক অত্যাচাৰ কৰি জীৱন্তে জ্বলাই দিয়া হৈছে…যিসকলে বৰ্তমান বাংলাদেশত ক্ষমতাত আছে তেওঁলোকে উত্তৰ-পূব ভাৰতক নিজৰ দেশত অন্তৰ্ভুক্ত কৰাৰ কথা কৈ আহিছে।” সাংবাদিকৰ আগত এই দাবী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।
बांग्लादेश के कुछ व्यक्ति विशेष उत्तर-पूर्व को चिकन नेक से अलग करने की बात कर रहे हैं। यह उनके लिए कभी भी संभव नहीं है। असम से बांग्लादेशी घुसपैठियों को बाहर निकालने का सिलसिला जारी रहेगा। pic.twitter.com/erMmBmKv8z
— Himanta Biswa Sarma (@himantabiswa) December 22, 2025
তেওঁ কয় যে, বাংলাদেশৰ পৰা বিভিন্ন সময়ত অসমত অনুপ্ৰৱেশ কৰা মানুহে অসমখন ভৰি আছে। তেওঁ কয়, “আমি সজাগ হ’ব লাগিব আৰু সেই দেশৰ পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগিব।”
যোৱা সপ্তাহত শৰ্মাই দাবী কৰিছিল যে, “উত্তৰ-পূব ভাৰতক চুবুৰীয়া দেশখনৰ বাংলাদেশৰ সৈতে একত্ৰিত কৰা কথা বাংলাদেশৰ একাংশই বাৰে বাৰে কৈ আহিছে।” তেওঁ লগতে সকীয়াই দিয়ে যে, ভাৰতে এই সন্দৰ্ভত মৌনতা অৱলম্বন নকৰে। ভাৰত এখন অতি ডাঙৰ দেশ, পাৰমাণৱিক ৰাষ্ট্ৰ আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি। বাংলাদেশে এনে কথা কেনেকৈ ভাবিব পাৰে বুলিও প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে।
ইফালে,অসমৰ কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অবৈধ চলাচল আৰু সম্ভাৱ্য আইন-শৃংখলাৰ ভাবুকি ৰোধ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে, ছাত্ৰ নেতা শ্বৰীফ ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত অশান্তিৰ নতুন জোৱাৰ দেখা গৈছে।