জল জীৱন মিছনৰ উত্থাপিত দুৰ্নীতিৰ বিৰুদ্ধে চিবিআইৰ তদন্ত দাবী কংগ্ৰেছৰ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি ধেমাজি নগৰত জলজীৱন মিছনৰ দুৰ্নীতি সন্দৰ্ভত মানুহক সজাগ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যখনৰ বিভিন্ন ঠাইত একেধৰণে কংগ্ৰেছে জলজীৱন মিছন আঁচনিৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ তদন্তৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰাজ্যজুৰি জলজীৱন মিছনৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে আজিও অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি ধেমাজি নগৰত জলজীৱন মিছনৰ দুৰ্নীতি সন্দৰ্ভত মানুহক সজাগ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে বিকল হৈ থকা ‘জলজীৱনৰ মিছন’ৰ আঁচনিসমূহত নল আছে জল নাই, জেজেএম মানে জয়ন্তমল্ল বৰুৱাৰ মানি আদি শ্ল’গান লিখা পোষ্টাৰ লগায় ৷
ৰাজ্যখনৰ বিভিন্ন ঠাইত একেধৰণে কংগ্ৰেছে জলজীৱন মিছন আঁচনিৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ তদন্তৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ গৌৰৱ গগৈয়ে কয়, ”চৰকাৰে জলজীৱন মিছন আঁচনিৰ বাবদ কিমান কোটি টকা মুকলি কৰিছে সেই লৈ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। ঠিকাদাৰে বিল পোৱা নাই, ৰাইজে জল পোৱা নাই। এই কোটি কোটি টকাবোৰ ক’লৈ গ’ল সেই লৈ চিবিআইৰ দ্বাৰা তদন্ত হোৱা উচিত। কেন্দ্ৰীয় মন্ত্ৰীয়েই হওক বা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বা আন যিয়েই দোষী নহওক কিয়, তদন্তৰ জৰিয়তে বিচাৰি উলিয়াই তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা হওক।’’
‘ৰাইজৰ পদূলিত-ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি ধেমাজি জিলা মহিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ সৈতে বাৰ্তালাপ কৰে ৷ জ্যেষ্ঠ নাগৰিক সমাজ, মহিলা সমিতি, বিভিন্ন দল-সংগঠনেৰে সভাপতিগৰাকীয়ে আজি বাৰ্তালাপ কৰি কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰিবলগীয়া নিৰ্বাচনী ইস্তাহাৰত ৰাইজৰ অভাৱ-অভিযোগ আৰু ৰাইজৰ প্ৰস্তাৱসমূহ সন্নিৱিষ্ট কৰিবলৈ মতামত গ্ৰহণ কৰে ৷
একেদৰে তেজপুৰ, বৰাক, কাৰ্বি আংলং জিলাৰ ডংকামোকামতো আজি এই কাৰ্যসূচী ৰূপায়িত হয় ৷ ইতিমধ্যে পাৰ্বত্য জিলা দুখনৰ পৰা এই কাৰ্যসূচী সামৰি ৰিপুন বৰা আৰু মীৰা বৰঠাকুৰে অন্য জিলালৈ যাবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ আনহাতে, কেম্পেইন কমিটীৰ অধ্যক্ষ ভূপেন বৰা আৰু এআইচিচিৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ নেতৃত্বত আজি শোণিতপুৰ জিলাৰ তেজপুৰত ইস্তাহাৰ সম্পৰ্কীয় আলোচনা চলে ৷
বিভিন্ন দল-সংগঠন, অধিবক্তা সমাজ, গোৰ্খা সমাজৰ প্ৰতিনিধি, জ্যেষ্ঠ সাংবাদিকৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ ইস্তাহাৰ কেনেকুৱা হোৱা উচিত, কি কি বিষয় সন্নিৱিষ্ট কৰা উচিত সেই সন্দৰ্ভত আলোচনা কৰে ৷ ভূপেন বৰাৰ নেতৃত্বত যোৱা দলটোত বিধায়ক ভাস্কৰ বৰুৱা, বিধায়িকা নন্দিতা দাস, কাৰ্যকৰী সভাপতি প্ৰদীপ সৰকাৰ, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী, প্ৰাক্তন সভাপতি দাদুল বৰকটকী প্ৰমুখ্যে নেতাসকল উপস্থিত থাকে ৷ অনুষ্ঠানটো বিশেষভাৱে পৰিচালনা কৰে সম্পূৰ্ণা শইকীয়াই ৷
ইফালে দেৱব্ৰত শইকীয়া আৰু পৃথ্বিৰাজ সাথেৰ নেতৃত্বত বৰপেটাত ইস্তাহাৰ বিষয়ক লৈ আলোচনা চলে ৷ বিভিন্ন দল-সংগঠনৰ লগতে এবছু, আমছু, সচেতন নাগৰিক মঞ্চ, ক্লাৱৰ নেতা-কৰ্মীৰ সৈতে দেৱব্ৰত শইকীয়াই বৰপেটা আৱৰ্ত ভৱনত ইস্তাহাৰ সম্পৰ্কীয় আলোচনাত মিলিত হয় ৷ উল্লেখ্য যে, কাইলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে লখিমপুৰ জিলাত ইস্তাহাৰ সমিতিৰ হৈ ৰাইজৰ মতামত গ্ৰহণ কৰিব আৰু ভূপেন বৰাই বিশ্বনাথ চাৰিআলিত মতামত গ্ৰহণ কৰিব ৷