অখিল গগৈ সন্দৰ্ভত পুনৰ মত প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, অখিল গগৈ এতিয়া মনোৰঞ্জনৰ দৰে হৈ পৰিছে। ইয়াৰ বাদে একো নহয়। টেনশ্যন ৰিলিজৰ বাবে উত্তম উপায় হৈছে অখিল গগৈৰ ফেচবুক। জুবিনৰ চাৰ্জশ্বীট সন্দৰ্ভত অখিলৰ মত সন্দৰ্ভত শৰ্মাই কয় যে, তেওঁ এতিয়া ন্যায়াধীশ হৈ গ'ল। তেওঁৰ মতে আদালতৰ কাম নাই। উল্লেখ্য যে, এয়াই প্ৰথম নহয়। পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে অখিল গগৈক উদ্দেশ্যি মন্তব্য কৰা দেখা যায়। শেহতীয়াকৈ অখিল গগৈয়ে জুবিন গাৰ্গৰ চাৰ্জশ্বীট দুৰ্বল আখ্যা দিছে।