ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল কিদিৰে চিনিব?

22 DEC 2025

TV9 ASSAM

কল পটাছিয়ামৰ উত্তম উৎস। বিশেষজ্ঞসকলৰ মতে, কলত অন্যান্য পুষ্টিকৰ উপাদানৰ লগতে ফাইবাৰ, প্ৰটিন, বি ৬, আৰু ভিটামিন চি থাকে।

কল

কল খালে হজম শক্তি বৃদ্ধি পায়। তদুপৰি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও কল অতি উপকাৰী, কিয়নো পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

উপকাৰ

গছত কল পকিবলৈ কিছু সময় লাগে। এনে অৱস্থাত বজাৰত বিক্ৰীৰ বাবে ৰাসায়নিকভাৱে কল পকোৱা হয়, ইয়াৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়।

পকোৱা কল

চিকচিকিয়া, পৰিষ্কাৰ বাকলি থকা কল ৰাসায়নিকভাৱে পকোৱা হ’ব পাৰে। সাধাৰণতে গছত পকা কলৰ বাকলিত পাতল বাদামী ৰঙৰ দাগ দেখা পাব।

বাকলি

কল ক্ৰয় কৰোঁতে কলৰ ঠাৰিটো চাব। গছত পকা কল পকিবলৈ সময় লাগে বাবে ঠাৰিও বাদামী হৈ পৰে। ৰাসায়নিকভাৱে পকোৱা কলৰ ঠাৰিডাল সেউজীয়া হ’ব পাৰে।

ঠাৰি

সাধাৰণতে কল পকাবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়। এই ৰাসায়নিক পদাৰ্থৰ ফলত বমি, ডায়েৰিয়া, পেটৰ বিষ, ডিঙিৰ বিষ আদি হ’ব পাৰে।

ৰাসায়নিক পদাৰ্থ

পঢ়িবলৈ ক্লিক কৰক 

এই ৭বিধ খাদ্যই হ্রাস কৰিব পাৰে গাঁঠিৰ বিষৰ সমস্যা