চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল ২ লাখ, এতিয়ালৈকে ১,৪৫,৪৪৯টা পদত নিযুক্তি, ওলাব নতুন চাকৰি !
মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে, প্ৰতিশ্ৰুতি দিয়া ২ লাখ নিযুক্তিৰ ভিতৰত অসম চৰকাৰে এতিয়ালৈকে ১,৪৫,৪৪৯টা পদত নিযুক্তি প্ৰদান কৰা কৰিছে। ইয়াৰ অংশ হিচাপে সোমবাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন কাৰিকৰী আৰু অ-কাৰিকৰী পদৰ ৩,৪২০গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ লক্ষ্য আছিল ২ লাখ নিযুক্তি। এই চৰকাৰৰ কাৰ্যকাল শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত উল্লেখ্যযোগ্য অগ্ৰগতি লাভ কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে, প্ৰতিশ্ৰুতি দিয়া ২ লাখ নিযুক্তিৰ ভিতৰত অসম চৰকাৰে এতিয়ালৈকে ১,৪৫,৪৪৯টা পদত নিযুক্তি প্ৰদান কৰা কৰিছে। ইয়াৰ অংশ হিচাপে সোমবাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন কাৰিকৰী আৰু অ-কাৰিকৰী পদৰ ৩,৪২০গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
স্বাস্থ্য বিভাগৰ অধীনৰ বিভিন্ন পদৰ বাবে নিৰ্বাচিত যুৱক-যুৱতীসকলক ৩,৪২০ খন নিযুক্তি পত্ৰ বিতৰণ কৰা এক কাৰ্যসূচীত ভাষণ দি শৰ্মাই কয় যে, বিগত পাঁচ বছৰত অসমত স্বচ্ছ নিযুক্তি ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। স্বাস্থ্য, ডি এইচ এছ আৰু ডি এম ই বিভাগৰ অন্তৰ্গত তৃতীয় বৰ্গৰ (কাৰিকৰী আৰু অ-কাৰিকৰী) পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শৰ্মাই লগতে অৰ্ধপৰিবাহী উদ্যোগ আৰু নামৰূপৰ ইউৰিয়া উদ্যোগকে ধৰি আগন্তুক ঔদ্যোগিক প্ৰকল্পৰ পৰা উদ্ভৱ হোৱা বৃহৎ নিয়োগৰ সুযোগৰ বিষয়ে আলোকপাত কৰে।
✅1,45,449 jobs
🎯2,00,000 jobsTransparent, corruption free recruitment is the talk of the town consistently in Assam since the last 5 years due to our relentless pursuit to fulfill our jobs promise.
Today, 3,420 youths stepped into various posts of the Health Dept. pic.twitter.com/DAwZWPc5Li
— Himanta Biswa Sarma (@himantabiswa) December 22, 2025
তেওঁ কয় যে, ধুবুৰীৰ চৰ অঞ্চলত প্ৰস্তাৱিত ৩ হাজাৰ মেগাৱাট শক্তিৰ তাপ শক্তি প্ৰকল্পই ১০ হাজাৰৰো অধিক লোকৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ইফালে, তেওঁ কয় যে বদলিৰ সিদ্ধান্ত পৰ্টেলৰ জৰিয়তে স্বয়ংক্ৰিয় হ’ব আৰু কৰ্মচাৰীৰ মাজত মিউচুৱেল এক্সচেঞ্জকে ধৰি খালী পদৰ ওপৰত ভিত্তি কৰিহে বদলিৰ অনুমতি দিয়া হ’ব।
ইফালে, মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমৰ এটা পোষ্টত কয়, “খানাপাৰাত অনুষ্ঠিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন কাৰিকৰী আৰু অ-কাৰিকৰী পদৰ ৩,৪২০গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ পোৱাতো মোৰ বাবে দিনটোৰ এক ভাললগা অভিজ্ঞতা। নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকীলৈ মই আন্তৰিক অভিনন্দন জনালোঁ ৷”