স্তনকলৈ আক্ষেপ নীনাৰ! কাক ক’লে স্তনৰ আকাৰৰ কথা?
কপিল শৰ্মাই নীনাক সুধিলে, এটা সময়ত উৰাবাতৰি ওলাইছিল যে নীনা গুপ্তাই পামেলা এণ্ডাৰছনৰ সৈতে জনপ্ৰিয় আমেৰিকান টেলিভিছন ধাৰাবাহিক ‘বেৱাচ’ত অভিনয় কৰিবলৈ ওলাইছে! এই উৰাবাতৰিৰ কথা শুনি নীনাই হাঁহিত বাগৰি পৰিল। কোনো সংকোচ নোহোৱাকৈ তেওঁ কপিলক পোনপটীয়াকৈ উত্তৰ দিলে, "হেৰা মোৰ ইমান ডাঙৰ স্তন নাই! ইমান ডাঙৰ স্তন ক'ৰ পৰা পাম?
প্ৰবীণ অভিনেত্ৰী নীনা গুপ্তাৰ হাস্যৰসীক কথা আৰু বুদ্ধিমত্তাৰ প্ৰমাণ পালে দৰ্শকে। অভিনেত্ৰীগৰাকীয়ে ‘দ্য কপিল শৰ্মা শ্ব’’ত কেইবাটাও ধেমেলীয়া ধৰণেৰে নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ সত্যতা প্ৰকাশ কৰে। সেই সময়ত তেওঁৰ হলিউডত খোজ দিয়াৰ এটা পুৰণি উৰাবাতৰি ওলাই পৰিল।
কপিল শৰ্মাই নীনাক সুধিলে, এটা সময়ত উৰাবাতৰি ওলাইছিল যে নীনা গুপ্তাই পামেলা এণ্ডাৰছনৰ সৈতে জনপ্ৰিয় আমেৰিকান টেলিভিছন ধাৰাবাহিক ‘বেৱাচ’ত অভিনয় কৰিবলৈ ওলাইছে! এই উৰাবাতৰিৰ কথা শুনি নীনাই হাঁহিত বাগৰি পৰিল। কোনো সংকোচ নোহোৱাকৈ তেওঁ কপিলক পোনপটীয়াকৈ উত্তৰ দিলে, “হেৰা মোৰ ইমান ডাঙৰ স্তন নাই! ইমান ডাঙৰ স্তন ক’ৰ পৰা পাম?” নীনাৰ এই অকপট আৰু হাস্যৰসীক মন্তব্যই নিমিষতে ষ্টুডিঅ’ত হাঁহিৰ খোৰাক যোগাইছিল। পামেলা এণ্ডাৰছনৰ শাৰীৰিক ৰূপ আৰু বিশেষকৈ ‘বেৱাচ’ত অভিনয়ৰ বাবে সমগ্ৰ বিশ্বতে আলোচনা হৈছিল। সেই চৰিত্ৰটোৰ সৈতে নিজকে তুলনা কৰি নীনাৰ এই ‘বল্ড’ মন্তব্য নেটত ভাইৰেল হৈ পৰে।
