প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা ১৯ অনুৰ্ধ এছিয়া কাপলৈ, দিনটোৰ শীৰ্ষ খবৰ
অন্ত পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচী। আজি দিনটোৰ নিৰ্ধাৰিত কাৰ্যসূচীত অংশ লোৱাৰ পিছত অসমৰ পৰা দিল্লীলৈ উভতে প্ৰধানমন্ত্ৰীগৰাকী। ১৯ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত ভাৰতীয় দল পাকিস্তানৰ বিপক্ষে শোচনীয় পৰাজয়।
অন্ত পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচী। আজি দিনটোৰ নিৰ্ধাৰিত কাৰ্যসূচীত অংশ লোৱাৰ পিছত অসমৰ পৰা দিল্লীলৈ উভতে প্ৰধানমন্ত্ৰীগৰাকী। আজি পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানত একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। ইফালে মহানগৰীস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ তেওঁ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। গুৱাহাটীৰ এই দুই কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী নামৰূপত উপস্থিত হয় আৰু এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত অংশ লয়।
অন্ত পৰিল ১৯ অনুৰ্ধ এছিয়া কাপ। সমগ্ৰ প্ৰতিযোগিতাত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰাৰ পিছতো আজি ফাইনেলত ভাৰতীয় দল পাকিস্তানৰ বিপক্ষে শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। পাকিস্তানে দিয়া ৩৪৮ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি ভাৰতে মাত্ৰ ১৫৬ ৰানতে থমকি ৰয় আৰু ১৯১ ৰানত পৰাজয় স্বীকাৰ কৰে। দিনটোৰ আন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাওক ভিডিঅ’…
