শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অশান্ত কাৰ্বি ভূমি ! পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…

আজি ২২ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। কাৰ্বি আংলঙৰ প্ৰতিবাদৰ পৰা নিযুক্তি পত্ৰ বিতৰণলৈকে পলকতে দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

অশান্ত কাৰ্বি ভূমি ! পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
manas-borah
Manas Borah | Published: 22 Dec 2025 19:18 PM

বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পি জি আৰ আৰু ভি জি আৰকলৈ অশান্ত কাৰ্বি ভূমি। সোমবাৰে স্বাস্থ্য বিভাগত ৩৪২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি দ্বিতীয় শুনানি অনুষ্ঠিত হয়। ইয়াৰ লগতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত নিৰ্মিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ২৯ ডিচেম্বৰত এই প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। প্ৰকল্পটোৰ কাম-কাজ যুদ্ধকালীন গতিৰে সমাপ্ত কৰিবলৈ জিলা প্ৰশাসন তথা বিভাগীয় বিষয়াক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
  2. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি দ্বিতীয় শুনানি অনুষ্ঠিত হয়। ভাৰ্চুৱেলী আদালতত হাজিৰ কৰোৱা হয় ৭ গৰাকী অভিযুক্তক। শুনানিৰ অন্তত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয় যে ন্যায়ৰ বিষয়ত প্ৰাধান্য থাকিব আৰু উপযুক্ত ন্যায় লাভ কৰিব বুলি তেওঁলোক আশাবাদী। তেওঁ কয় যে অভিযুক্তৰ মুখমণ্ডলত কোনো অনুশোচনাৰ চিন দেখা নাপালে তেওঁ।
  3. বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ অসম চৰকাৰৰ। যোৱা নিশা ১৯ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি বাংলাদেশলৈ ওভতাই পঠিয়াই আৰক্ষী আৰু বিএছএফে। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা আটক কৰা হৈছিল এই বাংলাদেশীকেইজনক। প্ৰতি সপ্তাহত কমেও ৩৫ ৰ পৰা ৪০ জনকৈ বাংলাদেশীক এইদৰে ওভতাই পঠিওৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে।
  4. সোমবাৰে স্বাস্থ্য বিভাগত ৩৪২০ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে চৰকাৰে ২ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে বৰ্তমানলৈকে ১ লাখ ৪৫ হাজাৰ ৪৪৯ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছে। টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প, নামৰূপ সাৰ কাৰখানা আৰু ধুবুৰী থাৰ্মেল পাৱাৰ প্ৰকল্প সম্পূৰ্ণ হ’লে কমেও ১০ হাজাৰ প্ৰাৰ্থীয়ে চাকৰি পাব বুলিও দোহাৰে মুখ্যমন্ত্ৰীয়ে।
  5. পশ্চিম কাৰ্বি আংলং জিলাত পি জি আৰ আৰু ভি জি আৰকলৈ সাধাৰণ ৰাইজৰ ক্ষোভ ৷ যোৱা সাতদিন ধৰি খেৰনীৰ ফেলাংপিত অব্যাহত সাধাৰণ ৰাইজৰ ধৰ্ণা কাৰ্যসূচী ৷ কালি কোনো অচিনাক্ত দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই দুৰ্ব্যৱহাৰ কৰাকলৈ ক্ষোভ ৰাইজৰ। আজি ডংকামোকামৰ তুলিৰাম ৰংহাঙৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে তেওঁৰ পুৰণি বাসগৃহত অগ্নিসংযোগ কৰে একাংশ লোকে।
  6. আজি বজালীত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ দলক ৰাইজে আকোঁৱালি লোৱা তেওঁ দেখা নাই। শেষত কংগ্ৰেছ মিঞাৰ ওচৰলৈয়ে যাব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। ইফালে অখিল গগৈক কটাক্ষ কৰি ডঃ শৰ্মাই কয় যে অখিলে য’ত যি কাগজ পাই তাকেই প্ৰচাৰ কৰে।
  7. বাংলাদেশত হিংসাৰ বলি হৈ প্ৰাণ হেৰুওৱা দীপু চন্দ্ৰ দাস সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ। ছয় বছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত অসমত মিঞা মুছলমানে সংঘটিত কৰা ঘটনাই হওঁক নাইবা বাংলাদেশৰ দীপু চন্দ্ৰ দাস হত্যাকাণ্ডই হওঁক সকলোবোৰ অমানবীয় কাৰ্যৰ আৰত মিঞাৰ উদ্দেশ্য এটাই আছিল, সেয়া হ’ল আগ্ৰাসন আৰু আধিপত্য। এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ।
  8. নেশ্যনেল হেৰাল্ড কেলেংকাৰীৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক। এই গোচৰত ৰাউজ এভিনিউ আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ইডি। নেশ্যনেল হেৰাল্ড গোচৰৰ পৰৱৰ্তী শুনানি অহা ১২ মাৰ্চত অনুষ্ঠিত হ’ব।
  9. এয়াৰ ইণ্ডিয়াৰ বিমানত বিংসগতি। দিল্লীৰ পৰা মুম্বাই অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ AI887 বিমানখন সন্মুখীন হয় কাৰিকৰী সমস্যাৰ। ফলত পুনৰ বিমানখন দিল্লী বিমান বন্দৰলৈ ওভতাই অনা হয়। বিমানখনে দিল্লী বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতেই যাত্ৰী আৰু ক্ৰু সদস্যসকলক সুকলমে বিমানৰ পৰা নমাই অনা হয়।