ভাৰত বিৰোধী শ্ল’গানৰ পৰিণতি ভুগিব বাংলাদেশীয়ে! লোৱা হ’ল এনে কঠোৰ পদক্ষেপ
যোৱা বৃহস্পতিবাৰে বাংলাদেশৰ চট্টগ্ৰামত ভাৰতৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাও সংঘটিত হয়। দেশখনৰ এই পৰিস্থিতিৰ পিছত এতিয়া ভাৰতে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কি এই কঠোৰ পদক্ষেপ, জানিবলৈ চাওক ভিডিঅ’।
পুনৰ উত্তপ্ত হৈছে বাংলাদেশ। যোৱা বৰ্ষত গঢ়ি উঠা আন্দোলন আৰু হিংসাত্মক পৰিস্থিতিৰ পিছত দেশখন কিছুদিনৰ বাবে শান্ত হৈছিল যদিও এতিয়া ইনকিলাব মঞ্চৰ মুখপাত্ৰ ওছমান হাদীৰ মৃত্যুৰ পিছত বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইফালে এই সময়ছোৱাত দেশখনত ভাৰত বিৰোধী স্থিতিও বৃদ্ধি পাইছে। বাংলাদেশৰ একাংশ মৌলবাদী নেতাই ধাৰাবাহিকভাৱে ভাৰত বিৰোধী মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ আনকি বাংলাদেশৰ পৰা ভাৰতৰ ‘সাত ভনী’ উত্তৰ-পূব দখলৰ ভাবুকিও দেখা গৈছে।
ইফালে যোৱা বৃহস্পতিবাৰে বাংলাদেশৰ চট্টগ্ৰামত ভাৰতৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ ঘটনাও সংঘটিত হয়। দেশখনৰ এই পৰিস্থিতিৰ পিছত এতিয়া ভাৰতে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। কি এই কঠোৰ পদক্ষেপ, জানিবলৈ চাওক ভিডিঅ’…
Latest Videos
ভাৰত বিৰোধী শ্ল’গানৰ পৰিণতি ভুগিব বাংলাদেশীয়ে! ল’লে কঠোৰ পদক্ষেপ
আপোনাৰ অজ্ঞাতে কোনোৱে ব্যৱহাৰ কৰিছে নেকি আধাৰ! এইদৰে কৰক পৰীক্ষা
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা ১৯ অনুৰ্ধ এছিয়া কাপলৈ, দিনটোৰ খবৰ
চেলিব্ৰিটিৰ সন্তানৰ লগত আপোনাৰ সন্তানক পঢ়াব বিচাৰে নেকি?
