শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি, তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ উন্মত্ত প্ৰতিবাদকাৰীৰ

একাংশ উন্মত্ত লোকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ বাসগৃহত আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ ফলত পৰিস্থিতি অধিক অস্থিৰ হৈ পৰে। এনে ঘটনাৰ ফলত অঞ্চলটোত এক আতংকমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়।

কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি, তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ উন্মত্ত প্ৰতিবাদকাৰীৰ
কাৰ্বি আংলঙত উত্তপ্ত পৰিস্থিতি
monjit-dutta
Monjit Dutta | Updated On: 22 Dec 2025 18:19 PM

কাৰ্বি আংলঙত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ। একাংশ প্ৰতিবাদী উত্তেজিত লোকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ ডনকামোকামস্থিত বাসগৃহত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰাৰ পিছতে তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হৈছে। জিলাখনত বিশেষকৈ খেৰনিৰ সমীপৰ প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ, চমুকৈ PGR আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভৰ অন্তৰ্গত অঞ্চলসমূহত ভূমি বেদখলৰ সমস্যাক লৈ শেহতীয়াকৈ বৃদ্ধি পাইছিল উত্তেজনা।

এনে উত্তেজনামুখৰ পৰিস্থিতিৰ মাজতে আজি বিয়লি একাংশ লোকে এনে কাণ্ড সংঘটিত কৰে। পৰিষদে শেহতীয়া সময়ছোৱাত সংৰক্ষিত চৰণীয়া পথাৰসমূহৰ পৰা অবৈধ বসতিস্থলসমূহ উচ্ছেদৰ পদক্ষেপ হাতত লৈছিল। এই প্ৰশাসনিক সিদ্ধান্তক কেন্দ্ৰ কৰি অঞ্চলটোৰ একাংশ লোক ক্ৰমাৎ ক্ষোভিত হৈ পৰিছে।

স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে প্ৰশাসনৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে একাংশ উন্মত্ত লোকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ বাসগৃহত আক্ৰমণৰ লক্ষ্য কৰি লয়। ইয়াৰ ফলত পৰিস্থিতি অধিক অস্থিৰ হৈ পৰে। এনে ঘটনাৰ ফলত অঞ্চলটোত এক আতংকমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়।

এই ঘটনাৰ ফলত অৱশ্যে কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই। লগতে ঘটনাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ সন্দৰ্ভতো এতিয়ালৈকে আনুষ্ঠানিক কোনো তথ্য প্ৰকাশ পোৱা নাই। এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো মন্তব্য কৰা নাই কৰ্তৃপক্ষই।

অৱশ্যে ঘটনাৰ পিছত ডনকামোকাম আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত সম্ভাৱ্য যিকোনো হিংসাত্মক পৰিস্থিতি ৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে বুলি আৰক্ষীৰ সূত্ৰই ইংগিত দিছে। তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাৰ লগতে এই ঘটনাৰ তদন্তৰো ইঙ্গিত প্ৰদান কৰিছে আৰক্ষীৰ সূত্ৰই।

উল্লেখ্য যে প্ৰশাসনৰ উচ্ছেদ পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদত খেৰনিৰ ফেলাংপিত অনিৰ্দিষ্টকালীন আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় লোকে। ইতিমধ্যে এই প্ৰতিবাদে ১৫টা দিনত ভৰি দিলে। যোৱা নিশা অনশনস্থলীৰ পৰাই একাংশ প্ৰতিবাদকাৰীক আৰক্ষীয়ে উঠাই নিয়ে।

ইয়াৰ পিছতে পৰিস্থিতি অধিক অৱনতি ঘটে। প্ৰতিবাদকাৰীক শীঘ্ৰে মুকলি কৰাৰ দাবীত খেৰনিত পথ অৱৰোধ কৰে সহস্ৰাধিক স্থানীয় লোকে। উচ্ছেদ সন্দৰ্ভত আলোচনা নোহোৱা পৰ্যন্ত প্ৰতিবাদ বন্ধ নহয় বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে। আজি প্ৰতিবাদ অধিক উত্তপ্ত হৈ পৰাৰ পিছতে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে।