TV9 ASSAM
ডায়েবেটিছ ৰোগীয়ে কল খাব পাৰে নে নোৱাৰে, সেই লৈ যথেষ্ট চৰ্চা হোৱা দেখা যায়। বিজ্ঞানৰ দৃষ্টিৰে এই বিষয়ে সঠিককৈ জানো আহক।
কলত পটাছিয়াম, ফাইবাৰ, ভিটামিন বি ৬ আৰু প্ৰাকৃতিক চেনি যেনে গ্লুক’জ, ফ্ৰুক্ট’জ আদি থাকে। সেয়ে কল অত্যন্ত শক্তিদায়ক ফল বুলি কোৱা হয়।
কেঁচা কলত যথেষ্ট ফাইবাৰ থাকে, যি চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে। কিন্তু পকা কলত চেনিৰ পৰিমাণ বেছি থাকে বাবে চুগাৰ অধিক সোনকালে বৃদ্ধি পাব পাৰে।
অধ্যয়ন অনুসৰি সীমিত পৰিমাণত আৰু সঠিক সময়ত ডায়েবেটিছ ৰোগীয়ে কল খাব পাৰে। অৱশ্যে পকা কলতকৈ কেঁচা কল ডায়েবেটিছ ৰোগীৰ বাবে নিৰাপদ।
ডায়েবেটিছ ৰোগীয়ে খালী পেটত কেতিয়াও কল খাব নালাগে। তাৰ পৰিৱৰ্তে জলপান বা খাদ্যৰ লগত খালে ব্লাড চুগাৰৰ ক্ষেত্ৰত প্ৰভাৱ কম হয়।
বাদাম, অটছ আদি প্ৰটিন তথা ফাইবাৰ সমৃদ্ধ খাদ্যৰ সৈতে কল খালে চুগাৰৰ মাত্ৰা বৃদ্ধি কিছু লেহেমীয়া হয় আৰু দেহে শক্তি পায়। দিনটোত এটাতকৈ অধিক কল নোখোৱাই ভাল।
পঢ়িবলৈ ক্লিক কৰক
এই ৭বিধ খাদ্যই হ্রাস কৰিব পাৰে গাঁঠিৰ বিষৰ সমস্যা