ছেপ্টেম্বৰ মাহৰ দৰমহা ছেপ্টেম্বৰতে পাব ৰাজ্যিক কৰ্মচাৰীয়ে, চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…
শোকাকুল পৰিৱেশৰ মাজতে এইবাৰ ৰাজ্যবাসী পালন কৰিব লাগিব দুৰ্গা পূজা। শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।

জুবিনৰ বিয়োগত আজিও শোকস্তব্ধ ৰাজ্যবাসী। এই শোকাকুল পৰিৱেশৰ মাজতে এইবাৰ ৰাজ্যবাসী পালন কৰিব লাগিব দুৰ্গা পূজা। শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। এইবাৰে নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকল দৰমহা/পেঞ্চন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
সাধাৰণতে চলিত মাহৰ দৰমহা পিছত মাহটোত দিয়া হয়। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ দৰমহা তেওঁ অক্টোবৰ মাহত লাভ কৰিব। সেই দৰমহা বা পেঞ্চন মাহতটোৰ ১ তাৰিখৰ মুকলি কৰি দিয়া হয়। কিন্তু এই সেই দৰমহা বা পেঞ্চন আগতীয়াকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এইবাৰ ছেপ্টেম্বৰ মাহৰ দৰমহা কৰ্মচাৰীসকলে ছেপ্টেম্বৰ মাহতে লাভ কৰিব।
এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ২০২৫ চনৰ ছেপ্টেম্বৰৰ দৰমহা/পেঞ্চন আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে।
তেওঁ কয়,”দৰমহা/পেঞ্চন ১ অক্টোবৰ ২০২৫ৰ নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা, অৰ্থাৎ ২৩ ছেপ্টেম্বৰৰ পৰা বিতৰণ কৰা হ’ব। কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব।”