শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg death controversy: সঘনে সলনি হৈছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বক্তব্য, উচিত তদন্তৰ দাবী ফেন ক্লাৱৰ

Zubeen Garg death controversy: জুবিন ফেনক্লাৱে দাবী কৰা অনুসৰি প্ৰকৃততে কি হৈছে সেয়া পোহৰলৈ আহিব লাগে। সমগ্ৰ ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰিব লাগে বুলি দাবী তুলিছে ফেন ক্লাৱে।

Zubeen Garg death controversy: সঘনে সলনি হৈছে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বক্তব্য, উচিত তদন্তৰ দাবী ফেন ক্লাৱৰ
জুবিন গাৰ্গ ফেন ক্লাৱে বিচাৰিছে উচিত তদন্তImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Updated On: 22 Sep 2025 15:31 PM

ৰহস্যঘন হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা। শেহতীয়াকৈ জুবিন গাৰ্গৰ সৈতে সেই সময়ত থকা উপস্থিত থকা শেখৰজ্যোতি গোস্বামীয়েও কেতবোৰ কথা প্ৰকাশ কৰিছে। দেওবাৰে শেখৰজ্যোতি গোস্বামীৰ সৈতে জুবিন গাৰ্গ ফেন ক্লাৱৰ এগৰাকী সদস্য পিকু বৰগোঁহাইয়ে হোৱাটচ্ এপযোগে হোৱা বাৰ্তালাপৰ স্ক্ৰীণ শ্বট ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে জুবিন গাৰ্গ ফেন ক্লাৱৰ সদস্যসকলে।

তেওঁলোকে জুবিন গাৰ্গৰ শেষ সময়ৰ কেইটামান ভিডিঅ’ক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শেখৰ গোস্বামীৰ বক্তব্য আৰু মৃত্যুৰ প্ৰমাণপত্ৰত উল্লেখ কৰা কাৰণ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকে। জুবিন ফেনক্লাৱে দাবী কৰা অনুসৰি প্ৰকৃততে কি হৈছে সেয়া পোহৰলৈ আহিব লাগে। সমগ্ৰ ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰিব লাগে বুলি দাবী তুলিছে ফেন ক্লাৱে।

তেওঁলোকে কয় যে জুবিন গাৰ্গ গোটেই অসমৰ সম্পদ। গতিকে জুবিন গাৰ্গৰ প্ৰকৃততে কিদৰে মৃত্যু হ’ল সেই বিষয়ে সকলোৱে জানিব লাগিব। জুবিন গাৰ্গৰ সৈতে সেই সময়ত থকা মানুহকেইজনেই মূল সাক্ষী। গতিকে তেওঁলোকে প্ৰকৃত সত্য প্ৰকাশ কৰিব লাগিব বুলি দাবী কৰে ফেন ক্লাৱে। শ্যমকানু মহন্তই জুবিন গাৰ্গে অৱসৰ বিনোদনৰ বাবে ছিংগাপুৰলৈ যোৱা বুলি কৰা মন্তব্যক গ্ৰহণযোগ্য নহয় বুলি কয় ফেন ক্লাৱে। তেওঁলোকে কয় যে চূড়ান্ত দায়িত্বজ্ঞানহীন মানুহ শ্যামকানু মহন্ত। জুবিন গাৰ্গৰ বাবে কিয় নিৰাপত্তা ব্যৱস্থা কৰা নহ’ল বুলিও তেওঁলোকে প্ৰশ্ন কৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা যাতে কোনেও ফালৰি কাটি নাযায় আৰু উপযুক্ত তদন্তৰে যাতে প্ৰকৃত সত্য পোহৰলৈ আনিব লাগে বুলি দাবী কৰে তেওঁলোকে। জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়া সন্দৰ্ভত সিদ্ধাৰ্থ শৰ্মাই প্ৰকৃত কথাখিনি গম পাব বুলি কয় তেওঁলোকে। শেখৰজ্যোতি গোস্বামীয়ে সিদ্ধাৰ্থ শৰ্মাৰ যি সম্পত্তিৰ কথা কৈছে, সেয়া আৰক্ষীয়ে তদন্ত কৰিব বুলি কয় ফেনক্লাৱে।

জুবিন গাৰ্গৰ আধৰুৱা সপোন পূৰণৰ বাবে জুবিন গাৰ্গ ফেন ক্লাৱে সংগঠিতভাৱে কাম কৰি যাব বুলি কয় তেওঁলোকে। গুৱাহাটীৰ চানমাৰি খেলপথাৰত এটা ডাঙৰ সংগীতানুষ্ঠানৰ পৰিকল্পনা কৰিছিল জুবিন গাৰ্গে। গতিকে সেই অনুষ্ঠান জুবিন গাৰ্গৰ অনুপস্থিতিতো অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ফেনক্লাৱে। সকলোকে জুবিন গাৰ্গৰ অন্তিম অনুষ্ঠানত শান্তি বজাই ৰাখিবলৈও সকলোকে আহ্বান জনাই তেওঁলোকে।