শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen garg: পিতৃৰ বাবে নিৰ্মাণ কৰিছিল ঘৰ, সুবিধাৰ বাবে আছিল লিফ্টৰ ব্যৱস্থা…পিছে সকলো এৰি গুচি গ’ল জুবিন গাৰ্গ…

Zubeen garg death: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতিয়া ন ন তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ শেখৰ গোস্বামীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ জুবিনে নিৰ্মাণ কৰি থকা ঘৰটোৰ কথাও উল্লেখ কৰে।

Zubeen garg: পিতৃৰ বাবে নিৰ্মাণ কৰিছিল ঘৰ, সুবিধাৰ বাবে আছিল লিফ্টৰ ব্যৱস্থা…পিছে সকলো এৰি গুচি গ’ল জুবিন গাৰ্গ…
জুবিন গাৰ্গ আৰু পিতৃ
barasha-sarma
Barasha Sarma | Published: 22 Sep 2025 14:43 PM

মৰমৰ পিতৃৰ বাবে জুবিন গাৰ্গে নিৰ্মাণ কৰি থকা ঘৰটোৰ কাম আধৰুৱা হৈ ৰ’ল। শেহতীয়াকৈ শেখৰ গোস্বামীৰ ভাষ্যৰ পৰা এই তথ্য জানিব পৰা গৈছে। তেওঁ কয় যে, জুবিন গাৰ্গে ৩ কোটিৰ এটা ঘৰ নিৰ্মাণ কৰি আছিল। দুমহলীয়া সেই ঘৰটোত পিতৃৰ বাবে লিফ্টৰ ব্যৱস্থাও কৰিছিল। কিন্তু তাৰ পূৰ্বে হেৰাই গ’ল জুবিন গাৰ্গ।

সংবাদ মাধ্যমত ভাইৰেল হোৱা মেছেজ সন্দৰ্ভত শেখৰে কয় যে, হয় মই কৈছিলো দাদাৰ ছিংগাপুৰত নহয়, অসমত থাকিলেও কিবা হ’লহেতেন। দাদা বহুত দুৰ্বল হৈ আছিল। দাদাক বলপূৰ্বকভাৱে কোনোৱে নিব নোৱাৰে। ১৫ তাৰিখে মই দাদাক বহু ভাগৰুৱা দেখিছিলো। গতিকে এই ভ্ৰমণৰ প্ৰয়োজনীয়তা নাছিল।

ভাইৰেল হোৱা মেছেজ সন্দৰ্ভত শেখৰে কয় যে, মোৰ হাতত যি তথ্য আছে সেইখিনি কৈছিলো। কিন্তু ইয়াক প্ৰমাণ কৰিবলৈ মোৰ হাতত কোনো কাগজ-পত্ৰ নাই। হয় তেওঁৰ (মেনেজাৰৰ) হোটেল আছে, কিবাকিবি আছে। পাছত আৰু কয় যে, দাদাই ৰেঞ্জ ৰোভাৰখন ১ কোটিৰো অধিক টকা দি লৈছে। মেছেজ কৰাজনে কৈছিল যে ৮০ লাখ টকাৰ ধাৰ থাকি গ’ল। তেতিয়া মই কৈছিলো যে থাকি গ’ল।

তেওঁ আৰু কয়, ৩ কোটি টকাৰ এটা ঘৰ নিৰ্মাণ কৰি আছিল। যোৱাৰ সময়ত ঘৰটো দেখুৱাই দাদাই কৈছিল ইয়াত লিফ্টৰ ব্যৱস্থা কৰিছো। সন্দীপনে কৈছিল দুটা ফ্লৰৰ ঘৰত লিফ্ট কিয় লাগে। তেতিয়া জুবিন দাই  কৈছিল পাপুৰ গাটো বহুত বেয়া। ইয়াতে থাকিব। শেষৰ সময়খিনি আৰামত থাকক। শেখৰে আৰু কয় যে, মোৰ আক্ষেপৰ বাবে তাক সেই মেছেজটো দি সকলো কথা কৈছিলো। মানুহটো দুৰ্বল। একো নাখাই, নুশুৱে। ইমান দূৰত যোৱাৰ কোনো প্ৰয়োজনে নাছিল।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এতিয়া ন ন তথ্য পোহৰলৈ আহিছে। সন্দেহৰ আৱৰ্তত আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, শেখৰ গোস্বামী আদিকে ধৰি বিভিন্নজন। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ…সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে…