শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অসমত থাকিলেও কিবা এটা হ'লহেঁতেন জুবিন দাৰ, কিয় এইদৰে ক'লে শেখৰ গোস্বামীয়ে?

অসমত থাকিলেও কিবা এটা হ’লহেঁতেন জুবিন দাৰ, কিয় এইদৰে ক’লে শেখৰ গোস্বামীয়ে?

trishna-kalita
Trishna Kalita | Published: 22 Sep 2025 14:31 PM

বিতৰ্কৰ মাজতে ঘটনা সন্দৰ্ভত বাৰ্তালাপত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিনৰ লগতে ছিংগাপুৰলৈ যোৱা শেখৰ গোস্বামীয়ে। তেওঁ কয়, “দাদাই মোক কেতিয়াও এৰি নিদিলে। মৰাৰ পিছতো তেওঁ মোক এৰি দিয়া নাই। য’ত জুবিনদা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই।“

অসম-অসমীয়াৰ এই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতে বিশেষ কেইগৰাকীমান ব্যক্তিৰ ওপৰত পৰিলক্ষিত হৈছিল অনুৰাগীৰ ক্ষোভ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে জুবিনক ছিংগাপুৰলৈ নিয়াৰ পিছত শ্যামকানু মহন্তৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ তুলিছে ৰাজ্যবাসীয়ে। লগতে জনতাৰ ৰোষত পৰিছে জুবিন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ৰাজ্যজুৰি  দুয়োজনৰ বিৰুদ্ধে ৰুজু হৈছে অৰ্ধশতাধিক গোচৰ।

ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত তদন্ত ঘোষণা কৰিছে। এই বিতৰ্কৰ মাজতে ঘটনা সন্দৰ্ভত বাৰ্তালাপত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিনৰ লগতে ছিংগাপুৰলৈ যোৱা শেখৰ গোস্বামীয়ে। তেওঁ কয়, “দাদাই মোক কেতিয়াও এৰি নিদিলে। মৰাৰ পিছতো তেওঁ মোক এৰি দিয়া নাই। য’ত জুবিনদা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই  নাই। মই ৩ দিন নোখোৱাকৈ আছো , মই মৰি গ’লে মোৰ পৰিয়ালক কোনে ক’ব। তেওঁ কয়,  মোৰ দাদাৰ লগত ১৭  বছৰৰ সম্পৰ্ক। কিন্তু মই কেৱল মিউজিকৰ লগতহে জড়িত হৈ আছো। মই কেৱল ষ্টুডিঅ’ আৰু মঞ্চত থাকো।” আৰু কি কি ক’লে শেখৰ গোস্বামীয়ে?