22 Sept 2025
TV9 ASSAM
আজিকালি বহুতৰে হাৰ্ট এটেক হোৱা দেখা যায়। কিছুমান অভ্যাসে এই সমস্যা সৃষ্টি কৰিব পাৰে। গতিকে এনে অভ্যাস বা এনে খাদ্যৰ পৰা আমি সদায় আঁতৰত থাকিব লাগে।
বিশেষজ্ঞৰ মতে, নাইট্ৰিক অক্সাইড কম হোৱাৰ ফলত হাৰ্ট এটেক, হাই ব্লাড প্ৰেচাৰ হ'ব পাৰে। কিন্তু কিছুমান অভ্যাসে নাইট্ৰিক অক্সাইড কম কৰে। ইয়াৰ মাত্ৰা কম হোৱা ভাল নহয়।
বেছিকৈ চেনি খালে ব্লাড চুগাৰ বৃদ্ধি পাই আৰু তেজৰ অভাৱৰ বাবে পেশীবোৰ ফুলে। ইয়াৰ ফলত অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি পাই যিয়ে নাইট্ৰিক অক্সাইড শেষ কৰি দিয়ে।
বগা ব্ৰেড, বিস্কুট, পেষ্ট্ৰী আদিয়ে শৰীৰত চেনিৰ দৰে কাম কৰে। যাৰ ফলত শৰীৰত ব্লাড চুগাৰৰ পৰিমাণ বৃদ্ধি পায়। ই পেশীৰ ভিতৰত তৰপতো ক্ষতি কৰে। যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে।
ছোয়াবিন, কৰ্ণ, ছানফ্লাৱাৰ অইল আদি গৰম কৰিলে বেয়া হ'ব পাৰে। ইয়াত ক্ষতিকাৰক উপাদান থাকে। যিয়ে শৰীৰত ফুলাৰ সমস্যা সৃষ্টি কৰি নাইট্ৰিক অক্সাইডৰ মাত্ৰ কম কৰে।
চিগাৰেট, ভেপিং আজি কৰাৰ ফলত পেশীৰ ভিতৰৰ তৰপ ক্ষতি হয়। ই এঞ্জাইমো দুৰ্বল কৰে । যিয়ে নাইট্ৰিক এচিড গঠন কৰাত সহায় কৰে।
বেছি মাউথৱাচ ব্যৱহাৰ কৰা বেয়া। ই কেতিয়াবা ভাল বেক্টেৰিয়া নষ্ট কৰিব পাৰে। এই বেক্টেৰিয়াই খাদ্যত থকা নাইট্ৰাইচক নাইট্ৰিক এক্সাইডলৈ ৰূপান্তৰ কৰে। গতিকে বাৰে বাৰে মাউথ ৱাছ ব্যৱহাৰ কৰা ভাল নহয়।
পঢ়িবলৈ ক্লিক কৰক