কেনেকৈ জুবিন গাৰ্গে শেষ নিঃশ্বাস ত্যাগ কৰিলে ক’লে শেখৰে…
Zubeen garg death: জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে প্ৰায় স্পষ্ট হৈ পৰিছে যে পানীত পৰি জুবিনৰ মৃত্যু হৈছে। এতিয়া শেখৰে আন এক মন্তব্য কৰিছে।
জুবিন গাৰ্গক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। এতিয়াও হাজাৰ হাজাৰ মানুহে সৰুসজাইত হেঁপাহৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। ইয়াৰ মাজতে জুবিনৰ মৃত্যু সন্দৰ্ভত ন ন তথ্য পোহৰলৈ আহিছে। এই সন্দৰ্ভত জুবিনৰ লগত ছিংগাপুৰলৈ যোৱা শেখৰ গোস্বামীয়ে বিশেষ মন্তব্য কৰিছে।
তেওঁ কয় যে, জুবিন গাৰ্গে পানীত সাঁতুৰি থকাৰ সময়ত নাকে মুখে পানী ওলাইছিল। বমিও কৰিছিল। তাৰ পাছত তেওঁক ওপৰলৈ উঠাই অনা হৈছিল। । দাদা সজ্ঞাহীন হৈ পৰিছিল। দাদাক চি পি আৰ দিয়া হৈছিল। সন্দীপনে মুখেৰে উশাহ দিছিল, মই ভৰি মালিচ কৰিছিলো। তেনেকৈ আধা ঘণ্টা/ ৪৫ মিনিট হৈছিল। পাছত দাদাক নাও এখনলৈ পাৰত লৈ অনা হৈছিল। তেতিয়ালৈ দাদাৰ হাত-ভৰি নীলা পৰি গৈছিল।
Latest Videos

কেনেকৈ জুবিন গাৰ্গে শেষ নিঃশ্বাস ত্যাগ কৰিলে ক'লে শেখৰে...

অসমত থাকিলেও কিবা এটা হ'লহেঁতেন জুবিন দাৰ, দাবী শেখৰ গোস্বামীৰ

জুবিন গাৰ্গৰ সমাধিস্থল সৰ্বোত্তম হোৱাৰ দাবী উৎপল শৰ্মাৰ...

গুৱাহাটীত উপস্থিত হৈ বন্ধু জুবিন গাৰ্গক লৈ কি ক'লে পাপনে?
