শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
গুৱাহাটীত উপস্থিত হৈ বন্ধু জুবিন গাৰ্গক লৈ কি ক'লে পাপনে?

গুৱাহাটীত উপস্থিত হৈ বন্ধু জুবিন গাৰ্গক লৈ কি ক’লে পাপনে?

trishna-kalita
Trishna Kalita | Updated On: 22 Sep 2025 10:14 AM

ছ’চিয়েল মিডিয়াত চলি থকা চৰ্চাক লৈ পাপনে কয়, "মই মোবাইলে অফ কৰি থৈছিলো, মই বেয়া একেবাৰে পোৱা নাই। মানুহে যি কৈছে খং আৰু দুখত কৈছে, বিচাৰিছে যে মই থকাটো, মই নথকাত খং কৰিছে। মই সকলো সময়তে থকাটো সম্ভৱ নহয়।"

গুৱাহাটীত উপস্থিত হৈছে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিছে পাপন। বিমানবন্দৰৰ পৰা পোনে পোনে জুবিনৰ ওচৰলৈ ৰাওনা হয় পাপন। পত্নীসহ নিশাই বিমানবন্দৰত উপস্থিত হৈছে পাপন। শোকাকুল পৰিৱেশত সৰুসজাইত গৰিমা গাৰ্গৰ কাষত বহি জুবিনৰ স্মৰণ কণ্ঠশিল্পীগৰাকীৰ। তেওঁ কয়, “জুবিনৰ আগৰে পৰাই অসমৰ ৰাইজে ভাল পায়। তেওঁক কিমান ভাল পায় সেয়া আমি কালি দেখিছো। মই কেতিয়াও জুবিন গাৰ্গ হ’ব নোৱাৰো।”

ছ’চিয়েল মিডিয়াত চলি থকা চৰ্চাক লৈ পাপনে কয়, “মই মোবাইলে অফ কৰি থৈছিলো, মই বেয়া একেবাৰে পোৱা নাই। মানুহে যি কৈছে খং আৰু দুখত কৈছে, বিচাৰিছে যে মই থকাটো, মই নথকাত খং কৰিছে। মই সকলো সময়তে থকাটো সম্ভৱ নহয়।”